Breaking

কামপুৰ ৰজাগাঁও দক্ষিণ জৰবাগান এল পি স্কুলত খাদ্যত বিষক্ৰিয়া

0 75

নগাঁও জিলাৰ কামপুৰ ৰজাগাঁও দক্ষিণ জৰবাগান এল পি স্কুলত মধ্যাহ্ন ভোজনৰ খাদ্যত হোৱা বিষক্ৰিয়াৰ ফলত দুই শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বুধবাৰে দুপৰীয়া কামপুৰ ৰজাগাঁও দক্ষিণ জৰবাগান এল পি স্কুলত মধ্যাহ্ন ভোজনৰ আহাৰ খোৱাৰ পাছতে অসুস্থ হৈ পৰে ২০০গৰাকীতকৈ অধিক কণ কণ ছাত্ৰ ছাত্ৰী৷

মধ্যাহ্ন ভোজনৰ আহাৰ খোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলে বমি,পেট বিষ আৰু জ্বৰ উঠে।পৰবৰ্তী সময়ত অসুস্থ ছাত্ৰ-ছাত্ৰী সকলক ততাতৈয়াকৈ শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । আনহাতে গুৰুতৰ ভাবে অসুস্থ ছাত্র ছাত্ৰী সকলক কচুৱা মডেল হস্পিতাললৈ প্ৰেৰণ কৰা হয় ।

ইপিনে ছাত্ৰ-ছাত্ৰী সকল অসুস্থ হৈ পৰাৰ পিছতেই চিকিৎসালয়ৰ চৌহদত উত্তেজনামূলক এক পৰিবেশৰ সৃষ্টি কৰে অভিভাৱক সকলে ৷ প্ৰধান শিক্ষয়ত্ৰী ,শিক্ষক ,শিক্ষয়ত্ৰী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে ৷

একাংশ অভিভাৱকে মধ্যাহ্ন ভোজনৰ খাদ্যত ৰান্ধনীয়ে তেলৰ ঠাইত ফেনাইল দিয়াৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে।অৱশ্যে চিকিৎসকে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকল বিপদমুক্ত আৰু তেওঁলোকৰ স্বাস্থ্য ক্ষেত্ৰত শংকা নাই বুলি জানিবলৈ দিয়ে।

Leave A Reply