Breaking

প্ৰথমবাৰ বাবে মেড-ইন-ইণ্ডিয়া এএছটিডিএছ টাগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

0 29

প্ৰথমবাৰ বাবে মেড-ইন-ইণ্ডিয়া এএছটিডিএছ টাগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২ মাৰ্চ, ২০২৪ত ‘অ’চেন গ্ৰেচ’ নামেৰে ৬০টন ব’লাৰ্ড পুল টাগ(ডাঙৰ জাহাজ টানিব পৰা সৰু নাও) আৰু ভ্ৰাম্যমান চিকিৎসা গোট (এমএমইউ) ভাৰ্চুৱেলীভাৱে উদ্বোধন কৰে। অ’চেন গ্ৰেচ হৈছে ভাৰতত নিৰ্মিত আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত কোচি শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা প্ৰথমখন এএছটিডিএছ টাগ। এই ভ্ৰাম্যমান চিকিৎসা গোট কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ প্ৰতি বন্দৰৰ দায়বদ্ধতাৰ অংশ। এই পদক্ষেপে প্ৰধানমন্ত্ৰী মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ পদক্ষেপক প্ৰতিফলিত কৰিছে। এই কাৰ্যসূচীত বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়ক; বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ; মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰসংগত শ্ৰী সোণোৱালে কয়, “পাৰাদ্বীপ বন্দৰ হৈছে প্ৰগতি আৰু বিকাশৰ এক উজ্জ্বল উদাহৰণ। ই প্ৰতি বছৰে আমদানি-ৰপ্তানিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰে, যিয়ে মন্ত্ৰালয়ৰ দক্ষতা আৰু উৎকৃষ্টতাৰ দায়বদ্ধতাৰ প্ৰতীক।’

শ্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ‘অ’চেন গ্ৰেচ’ টাগখন অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত আৰু ই ৬০টন ওজনৰ জাহাজ টানিব পাৰিব৷ ই মেৰিন ইঞ্জিনিয়াৰিঙৰ এক উল্লেখযোগ্য নিৰ্মাণশৈলী। ইয়াৰ উদ্বোধন আমাৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ উৎকৃষ্টতাৰ সন্ধানত এক উল্লেখযোগ্য সাফল্য, যিয়ে আগন্তুক বছৰবোৰত নিৰৱচ্ছিন্ন আৰু ত্ৰুটিহীন বন্দৰ পৰিচালনাত সহায় কৰিব।

এই প্ৰথম এছটিডিএছ টাগটো নিগাতা মূল ইঞ্জিন আৰু জেদ-পেলাৰ জিপি প্ৰপালচন ইঞ্জিনেৰে চালিত। এই টাগটোক সৰ্বোচ্চ কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতাৰ বাবে সযতনে ডিজাইন কৰা হৈছে যিয়ে বিশেষকৈ ভিএলচিচি আৰু ইউএলচিচিৰ দৰে বৃহৎ জাহাজৰ নিৰৱচ্ছিন্নভাৱে পৰিবহণ আৰু সহায়ৰ নিশ্চয়তা প্ৰদান কৰে।

গ্ৰীণ টাগ ট্ৰানজিচন প্ৰগ্ৰেমৰ (জিটিটিপি) লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত সকলো টাগৰ কমেও ৫০% টাগক সেউজ টাগলৈ ৰূপান্তৰিত কৰা আৰু সকলো ডাঙৰ বন্দৰতে গ্ৰীণ টাগ স্থাপন কৰা। প্ৰথম পৰ্যায়ৰ অংশ হিচাপে ২০২৭ চনৰ ভিতৰত জেএনপিএ, ডিপিএ, পিপিএ আৰু ভিঅ’চিপিএই কোচি শ্বিপয়াৰ্ডৰ পৰা দুখন একেবাৰে নতুন সেউজ টাগ (বেটাৰী-ইলেক্ট্ৰিক চালিত) ক্ৰয় কৰিব। আজি পিপিএই ভাৰতৰ প্ৰথমখন এএছটিডিএছ টাগ ক্ৰয় কৰি নিজৰ দৃষ্টিভংগী পূৰণ কৰিলে। সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বিভিন্ন ব্যৱস্থাও ৰূপায়ণৰ পৰিকল্পনা কৰিছে৷

মেমিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত ডিকাৰ্বনাইজেচন চেলে অনাগত বছৰবোৰত বিভিন্ন শিতানত পৰীক্ষামূলক পদক্ষেপ আৰম্ভ কৰি অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে পৰিগণিত হ’ব। এই অভিলাষী পদক্ষেপৰ ভিতৰত আছে পাঁচখন ইলেক্ট্ৰিক ৱাটাৰ টেক্সি, দুখন হাইব্ৰিড ইলেক্ট্ৰিক ৰ’-ৰ’ ফেৰী আৰু দুখন হাইব্ৰিড এলএনজি ইলেক্ট্ৰিক কাৰ্গো কেৰিয়াৰ। তদুপৰি, পৰিকল্পনাত জেএনপিএত তিনিখন ডুৱেল ফিউৱেল কণ্টেইনাৰ ৰ’-ৰ’ নাৱৰ সৈতে হাইব্ৰিড টাগ নিয়োগ কৰা হৈছে। চাৰিটা ডাঙৰ বন্দৰত সেউজ হাইড্ৰ’জেন আৰু এমোনিয়া চালিত টাগ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। তদুপৰি, এই পদক্ষেপত সাগৰৰ পাৰৰ জাহাজৰ লগতে সেউজ হাইড্ৰজেন বা এমোনিয়া চালিত উপকূলীয় মালবাহী জাহাজ নিয়োগ কৰা হৈছে, যিয়ে বহনক্ষম সামুদ্ৰিক পদ্ধতি আৰু পৰিৱেশ পৰিচালনাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

ওড়িশাৰ সাগৰমালা কাৰ্যসূচীয়ে ইয়াৰ উপকূলীয় অঞ্চলসমূহত উল্লেখযোগ্য আন্তঃগাঁথনি উন্নয়নত সহায় কৰিছে। বৰ্তমান প্ৰায় ৫৪,৫০০ কোটি টকাৰ ৫৩টা প্ৰকল্প আছে৷ ইয়াৰে ১২,৭০০ কোটি টকাৰ ২১টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে। ৪১,৮০০ কোটি টকা ব্যয় সাপেক্ষে বাকী ৩২টা প্ৰকল্প ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। ৭টা প্ৰকল্পৰ কাম চলি আছে যিবোৰৰ আংশিক পুঁজি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আগবঢ়াইছে। ইয়াৰে এটা সম্পূৰ্ণ হৈছে আৰু ছটাৰ কাম চলি আছে। তদুপৰি, উপকূলীয় জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ পদক্ষেপৰ অধীনত মীন, দক্ষতা বিকাশ, পৰ্যটন আৰু নগৰীয়া জল পৰিবহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৫৭ কোটি টকাৰ ৯টা প্ৰকল্প চিনাক্ত কৰা হৈছে। অন্যান্য পদক্ষেসমূহৰ ভিতৰত ১০৮ কোটি টকাৰ বাজেটেৰে বিশ্বমানৰ সুবিধাৰে পৰাদ্বীপ মৎস্য বন্দৰ উন্নয়ন আৰু দক্ষতা বিকাশ কাৰ্যসূচী–দ্বিতীয় পৰ্যায়ৰ জৰিয়তে ২,৮৬০ গৰাকী প্ৰাৰ্থীক দক্ষতা প্ৰদান কৰা আদি উল্লেখযোগ্য। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক প্ৰকল্পসমূহৰ লক্ষ্য হৈছে চণ্ডীপুৰত মৎস চিকাৰ বন্দৰ স্থাপন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মাজত স্থানীয় সংযোগ বৃদ্ধি আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাতপদ আৰু জাহনিকুডাৰ মাজত ফেৰী সেৱা উন্নত কৰি মাছমৰীয়া সমাজক সেৱা আগবঢ়োৱা৷

শিক্ষা, পৰিৱেশ, স্বাস্থ্যসেৱা, অনাময়, শক্তি, ক্ৰীড়া আৰু সংস্কৃতিকে ধৰি কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্য্যকলাপত পাৰাদ্বীপ বন্দৰে যথেষ্ট অৰিহণা যোগায়। ভ্ৰাম্যমান চিকিৎসা গোট উদ্বোধন এই প্ৰতিশ্ৰুতিৰে নিদৰ্শন৷ ভ্ৰাম্যমান চিকিৎসা গোটৰ পৰিচালনাৰ বাৰ্ষিক ব্যয় প্ৰায় ৪৮ লাখ টকা, যিয়ে ওচৰৰ অভাৱগ্ৰস্ত লোকসকলক সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি বন্দৰটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। চিকিৎসক, নাৰ্ছ, কাৰিকৰী আৰু ফাৰ্মাচিষ্টকে ধৰি দক্ষ চিকিৎসা পেছাদাৰী ব্যক্তিৰে সমৃদ্ধ এই ভ্ৰাম্যমান চিকিৎসা গোটে মাতৃ আৰু শিশু চিকিৎসা সেৱা, ৰোগ ব্যৱস্থাপনা আৰু স্বাস্থ্য সজাগতা কাৰ্যসূচী আদি বিভিন্ন সেৱা আগবঢ়ায়। এই ভ্ৰাম্যমান চিকিৎসা গোটে পাৰাদ্বীপ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ আৰ্তজনক স্বাস্থ্যসেৱা প্ৰদান কৰাটো নিশ্চিত কৰিছে।

উল্লেখ্য যে পাৰাদ্বীপ বন্দৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ৩,০০৪.৬৩ কোটি টকাৰ ৱেষ্টাৰ্ণ ডক প্ৰকল্পটো অহা দুবছৰত বছৰি ৩০০মেট্ৰিক টনতকৈ অধিক ক্ষমতা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পত অত্যাধুনিক আন্তঃগাঁথনি আৰু শ্ৰেষ্ঠ কাৰ্য্যকৰী সুবিধাৰে সজ্জিত নতুন জাহাজৰ গুদাম (ডক) নিৰ্মাণ কৰা হৈছে। বন্দৰটো বৃহৎ সংখ্যক খালী জাহাজ ৰখাৰ বাবে ডিজাইন কৰা হৈছে। তদুপৰি, এই প্ৰকল্পত কেপৰ জাহাজসমূহ ৰখাৰ বাবে ভিতৰৰ বন্দৰটো গভীৰ কৰি তোলা হৈছে, যাৰ বাবে ১৮ মিটাৰ পৰ্যন্ত গভীৰতাৰ প্ৰয়োজন হয়। প্ৰকল্পটোত পাৰাদ্বীপ বন্দৰত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্ব (পিপিপি) মোডৰ অধীনত নিৰ্মাণ, পৰিচালনা আৰু স্থানান্তৰ (বিঅ’টি) ভিত্তিত ৱেষ্টাৰ্ণ ডকৰ উন্নয়নকে ধৰি ভিতৰৰ বন্দৰৰ সুবিধাসমূহ উন্নয়ন আৰু অনুকূল কৰা দিশত জোৰ দিয়া হৈছে৷

Leave A Reply