Breaking

প্ৰাক্তন টেনিছ তাৰকাই অনুৰাগীক দিলে সুখৱৰ ……

0 180

ৰাছিয়াৰ এগৰাকী প্ৰাক্তন টেনিছ তাৰকা । নাম মাৰিয়া ছাৰাপভা ৷ এসময়ত এই সুন্দৰী টেনিছ তাৰকাগৰাকীয়ে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ মনত স্থান লাভ কৰিছিল ৷ অপূৰ্ব লয়লাসেৰে টেনিছ ক্ষেত্ৰখনত সৌন্দৰ্যৰ পোহাৰ মেলিছিল মাৰিয়া ছাৰাপভাই ৷ বহু ক্ৰীড়া বিশেষজ্ঞৰ মতে বিশ্বৰ টেনিছ ক্ষেত্ৰখনত ৰূপ আৰু গুণৰ সমাহাৰ ঘটাইছিল ছাৰাপভাই ৷ যাৰ বাবে তেওঁ হৈ পৰিছিল বহু বিজ্ঞাপনৰ মডেল ৷

ক্ৰীড়া সামগ্ৰী উৎপাদন কৰা বহুজাতিক প্ৰতিষ্ঠানবোৰৰ বাবে ছাৰাপভা আকৰ্ষণৰ কেন্দ্ৰ আছিল ৷ বিশেষকৈ ক্ৰীড়াক্ষেত্ৰৰ তুলনাত বিজ্ঞাপনৰ যোগেদি এই তাৰকা খেলুৱৈগৰাকীয়ে অধিক ধন আহৰণ কৰা বুলিও চৰ্চা চলিছিল ৷ বিশ্বৰ ক্ৰীড়াংগনৰ ইতিহাসত যি কেইগৰাকী সুন্দৰীয়ে ৰূপৰ পোহাৰ মেলিছে তাৰ ভিতৰত প্ৰথমেই স্থান পোৱাৰ যোগ্য মাৰিয়া ছাৰাপভা ৷

ৰুছ সুন্দৰী এইগৰাকী টেনিছ তাৰকাই নিজৰ জন্ম দিনৰ দিনাই অনুৰাগীক দিলে এটি ভাল খবৰ ৷ জীৱনৰ ৩৫ তম বয়স গৰকা এইগৰাকী তাৰকাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলোৱাৰ কথা ৷
২০২০ বৰ্ষত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী তাৰকাই ইয়াৰ দুই বছৰ পূৰ্বে ব্ৰিটিছ ব্যৱসায়ী আলেকজেণ্ডাৰ গিলকেছৰ সৈতে আবদ্ধ হৈছিল বিবাহ পাশত ৷ তাৰ পাছতে বুধবাৰে অৰ্থাৎ তেওঁৰ ৩৫ তম জন্মদিনৰ দিনা ঘোষণা কৰে গৰ্ভৱতী হৈ থকাৰ কথা ৷ মাত্ৰ ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে উইম্বলডনৰ খিতাপ জয় কৰা এইগৰাকী টেনিছ তাৰকাই নিজৰ কেৰিয়াৰত সৰ্বমুঠ পাঁচবাৰ গ্লেণ্ডশ্লাম টুৰ্ণামেণ্ট জয় কৰিবলৈ সক্ষম হয় ৷

Leave A Reply