Breaking

বকোৰ বৰুৱা গাৱঁত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনৰ

0 2,038

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ ৫৪ নং বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চতুৰ্থ দশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ আৱন্টিত ধনেৰে তিনিটা কৈ ৰাস্তা নিৰ্মাণৰ কামৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইন। ছমৰীয়া উন্নয়ন খণ্ডৰ জৰিয়তে আৱন্টন পোৱা ২নং ৱাৰ্ডৰ শিংৰাবড়ী ঈদগাহৰ পৰা শুক্টাটাৰী ঈদগাহলৈ ৮ লাখ,৬ নং ৱাৰ্ডৰ আক্ৰাম হুছেইনৰ ঘৰৰ পৰা ২নং কাৰিগাও তিনিআলি লৈ পাঁচ লাখ, আৰু ৪নং ৱাৰ্ডৰ ২নং কাৰিগাও তিনিআলিৰ পৰা ১নং কাৰিগাও তিনিআলি লৈ আঠ লাখ টকাৰ ৰাস্তা নিৰ্মাণ হ’ব ৷ উদ্বোধনী অনুষ্ঠানত  উক্ত কাম বিভাগীয় নীতি – নিয়ম অনুযায়ী সঠিক ৰূপত কৰিবলৈ ৰাস্তাত নিয়োজিত শ্ৰমিক সকলক আহ্বান জনায় পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে।অনুষ্ঠানটোত  পঞ্চায়ত সচিব বিৰাজ কলিতা,জি পি চি আবজাল হুছেইন,টেষ্ট কালেক্টৰ ছায়াদ আলী, ইঞ্জিনিয়াৰ ভুপেন বড়ো,সদস্য আজিজুল হক,হাবিজুৰ ৰহমান প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহন কৰে ৷

Leave A Reply