Breaking

ৰঙিয়াত বিধায়কৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

0 108

আজি সোমবাৰে ৰঙিয়া তুলিচিবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগ তথা কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা হয় উক্ত শিবিৰ ।

অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্থানীয় লোক সকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । চকু,নাক ,কান, দাঁত,মেডিচিন,শিশু,গাইনলজি,আদি বহু কেইটা বিভাগৰ চিকিৎসক সকলে ৰোগী সকলক চিকিৎসা প্ৰদান কৰে ।

এদিনীয়া কৈ আয়োজন কৰা এই শিবিৰটোত প্ৰায় দুই শতাধিক লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰাৰ লগতে কিছুমান ৰোগৰ পৰীক্ষা ও সম্পন্ন কৰা হয় । আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাস তুলিচিবাৰী বহুমুখী উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক ।

Leave A Reply