Breaking

১০৩ বছৰত পৰলোকপ্ৰাপ্তি স্বাধীনতা সংগ্ৰামী লক্ষ্মীনাথ কাকতীৰ ৷

0 247

দৈনন্দিন বাৰ্তা সেৱা ,জামুগুৰিহাট

শিক্ষকতাৰ দৰে মহান বৃত্তিকো ত্যাগ কৰি দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা জামুগুৰিহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা,কৃতি শিক্ষক,সমাজহিতৈষী ব্যক্তি,স্থিতপ্ৰজ্ঞ লক্ষ্মীনাথ কাকতী আৰু নাই৷বগা বঙালৰ ভেৰোনীয়া চিপাহীৰ বন্দুক লাঠিৰ কোব,বুট জোতাৰ গছক খাইও দেশক স্বাধীনতাৰ মুখ দেখুৱাবলৈ সক্ষম হোৱা বৰ্ষীয়ান তথা স্বনামধন্য মুক্তিযোদ্ধা গৰাকীয়ে বাৰ্ধক্যজনীত কাৰণতে আজি পুৱতি নিশা জামুগুৰিহাটৰ ঐতিহাসিক পাতলৰচুক গাঁৱৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷দেশৰ স্বাধীনতা সংগ্ৰামত ১০ মাহ কাল কাৰাবাস খটাৰ উপৰিও জীৱণৰ সৰ্বস্ব হেৰুৱাই হাৰ নমনা মুক্তিযোদ্ধা গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০৩ বছৰ৷গৌৰৱোজ্বল শতায়ু পাৰ কৰা সমাজহিতৈষী ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই আজি পুৱাৰেপৰা তেঁও গুণমুগ্ধসকলৰ মাজতো শোক আৰু শূণ্যতাই বিৰাজ কৰে৷অগণন গুণমুগ্ধই তেঁওৰ পাতলৰচুকস্থিত বাসভৱণ ভৰি পৰে আৰু শতায়ু অতিক্ৰম কৰা মুক্তিযোদ্ধা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷স্বাধীনতা সেনানী গৰাকীৰ প্ৰতি ওপজা গাঁৱৰ পাতলৰচুক গাঁও উন্নয়ন সমিতি,তৰুণ পুথিভঁৰাল,ভাস্কৰজ্যোতি মইনা পাৰিজাত,কল্যানী মহিলা সমিতিৰ লগতে বাপুজী ভৱণ নাট্য সমাজ,বাৰেচহৰীয়া ভাঁওনা কমিতি,জামুগুৰি সাহিত্য সভা,সাহিত্য সন্মিলনী,শ্ৰীমন্ত শংকৰদেৱ সংঘ,শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ,চিলাবন্ধা বালক মজলীয়া বিদ্যালয়,বালিকা মজলীয়া বিদ্যালয়,জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়,জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,জামুগুৰিহাটৰ সাংবাদিকসকল,সদৌ অসম মজলীয়া স্কুল শিক্ষক আৰু কৰ্মচাৰী পৰিষদ,অভিযাত্ৰী কলাকেন্দ্ৰ,নতুন সাহিত্য পৰিষদ,জামুগুৰি ক্ৰীড়া সন্থা,মুক্তিযুজাৰু সন্মিলনকে ধৰি ভালেসংখ্যক অনুষ্ঠান তথা ব্যক্তি প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷উল্লেখ্য যে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত ১৯১৭ চনৰ ৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা লক্ষ্মীনাথ কাকতীয়ে ১৯৩৩ চনত এমভি আৰু ১৯৩৫ চনত দ্বিতীয় বিভাগত এমই পাছ কৰি ১৯৩৬ চনত মাথো ১৯ বছৰ বয়সতে শিক্ষকতা জীৱণৰ পাতনি মেলিছিল ৰাইজে নতুনকৈ প্ৰতিষ্ঠা কৰা আমদাৰা প্ৰাথমিক বিদ্যালয়ত৷পাছত ১৯৩৭ চনত মিছামাৰিলৈ বদলি হয়৷পিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা পূৰ্ণ স্বৰাজ আন্দোলনত সেই সময়ৰ চফল ডেকা লক্ষ্মীনাথ কাকতী আকৰ্ষিত হয় আৰু ত্যাগ কৰে শিক্ষকতাৰ দৰে চৰকাৰী চাকৰি৷জপিয়াই পৰিল দেশ জননীৰ মুক্তি সংগ্ৰামত৷দেশৰ এই স্বাধীনতা সংগ্ৰামত তেঁওৰ ওপৰত বৃটিছ পুলিচৰো শেনচকু পৰিল৷তালাচী চলিল ঘৰত,লণ্ডভণ্ড কৰিলে তেঁওৰ ঘৰ৷বৃটিছ পুলিচৰ লাঠি আৰু বন্দুকৰ কুণ্ডাৰ কোব,বুট জোতাৰ গছকত ধৰাশায়ী হৈ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছিল তেঁও৷কিন্তু আৰক্ষীৰ হাতৰপৰা পলাই সাৰিবলৈ সক্ষম হোৱা লক্ষ্মীনাথ কাকতী পুণৰ গ্ৰেপ্তাৰ হয় আৰু ২৭ এপ্ৰিল ১৯৪৩ তাৰিখৰপৰা ৬ মাহ আৰু ১৪ মে’ ১৯৪৩ তাৰিখৰপৰা ৪ মাহ কাৰবাস খাটি ৬ অক্টোবৰ ১৯৪৩ তাৰিখে মুক্তি লাভ কৰে৷ইয়াৰ পিছত পুণৰ তেঁও আৰম্ভ কৰে শিক্ষকতাৰ জীৱণ৷তদানীন্তন লোকেল বৰ্ডৰ অধ্যক্ষ মহাদেৱ শৰ্মাৰ অনুৰোধমৰ্মে ১৯৪৬ চনত বাকোলা এমভি স্কুলত সহকাৰী শিক্ষকৰূপে যোগদান কৰি ১৯৪৯ চনত তেঁও যোৰহাট নৰ্মাল স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ১৯৫২ চনত চিলাবন্ধা বালক মজলীয়া বিদ্যালয়ত যোগদান কৰে৷সেই বিদ্যালয়তেই ১৯৫৬ চনত তেঁও প্ৰধান শিক্ষকৰূপে নিযুক্তি হৈ ১৯৭৬ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে৷শংকৰী কলা সংস্কৃতিৰ ভাঁওনাৰ এজন সুদক্ষ ভাৱৰীয়া লক্ষ্মীনাথ কাকতীয়ে জামুগুৰি সাহিত্য সভা গঠণত অন্যতম ভূমিকা গ্ৰহণ কৰাৰ লগতে গাঁও উন্নয়নতো প্ৰভূত অৰিহণা যোগাই গৈছে৷বৰ্ণিল জীৱণ পৰিক্ৰমাৰে পূৰ্ণ,স্বাধীনতাৰ সেনানী,কৃতি শিক্ষক এইজন আদৰ্শবান ব্যক্তি আছিল সৎ,সাহসী আৰু স্পষ্টবাদীও৷সামাজিক জীৱনত সুখ্যাতিৰ একপ্ৰকাৰে সৌধ ৰচনা কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনৰ ব্যক্তিগত জীৱনত অনেক ধুমুহা পাৰ হৈ গৈছিল৷ব্ৰজৰ দৰে কঠোৰ,সৎ-নিষ্ঠাবান,সদা হাস্যবদন তথা দয়ালু স্থিতপ্ৰজ্ঞ এইগৰাকী ব্যক্তিক জামুগুৰিয়া ৰাইজে ৰাজহুৱা সম্বৰ্ধনাও জ্ঞাপন কৰিছিল৷শতায়ু পাৰ কৰা এইগৰাকী ব্যক্তিৰ মৃত্যুত অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰিছে৷মৃত্যুৰ সময়ত তেঁও এটা ভৰা পৰিয়াল এৰি থৈ যায়৷তেঁওৰ মৃত্যু এক অপুৰণীয় ক্ষতি বুলিও জামুগুৰীয়া ৰাইজে অনুভৱ কৰিছে৷বৰ্ষীয়ান মুক্তিযোদ্ধা গৰাকীৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷এয়া এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷একেদৰে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি তথা ৰাষ্ট্ৰীয় জ্যেষ্ঠ সম্পাদক হিৰণ্য বৰাইও তেঁওৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে৷জোন বৰা,জামুগুৰিহাট।

Leave A Reply