Breaking

এতিয়াৰে পৰা শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক

0 63

এতিয়াৰে পৰা শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক। আন দায়িত্বত নিয়োগ হৈ থকা শিক্ষকসকলক শীঘ্ৰে অব্যাহতি দিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ।

২৫ মাৰ্চৰ পূৰ্বে সকলো শিক্ষকে নিজ নিজ বিদ্যালয়ত যোগদান কৰিব লাগিব। বিদ্যালয়ত পাঠদান নকৰিলে বিদ্যালয় প্ৰধানক নিৰ্দিষ্ট শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰো নিৰ্দেশ। অন্যথা কঠোৰ হ’ব শিক্ষা বিভাগ।

বিভিন্ন সময়ত শিক্ষকক আন কামত নিয়োজিত কৰাৰ ফলত অনিয়মীয়া পাঠদানৰ বাবে ছাত্ৰ-ছাত্ৰী সমস্যাৰ সন্মুখীন হোৱা দেখা যায়৷ ৰাজ্যত এনে বহু বিদ্যালয় আছে য’ত শিক্ষকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়৷

আনকি আধাতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সামৰাৰ তথ্যও অসমত উদ্বেগজনক৷ তেনেস্থলত বিদ্যালয়ৰ শিক্ষকক আন কামত নিয়োগ কৰা কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়৷ শিক্ষা বিভাগৰ সচিবৰ এই নিৰ্দেশ নিশ্চয়কৈ শিক্ষাৰ মানদণ্ড কিছু পৰিমাণে উন্নত কৰাত সহায়ক হ’ব।

Leave A Reply