Breaking

আজিৰে পৰা “শব্দ-পোহৰ বিহীন” প্ৰাকৃতিক পৰিবেশত “ৰ’দঘাই বেবেজীয়া” ৰ দ্বিতীয় বাৰ্ষিক পূৰ্ণাংগ নাট মহোৎসৱ

0 2,046

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্প “Nature – Lore” ৰ আৰ্হিত অসমত প্ৰয়াত “বাদুংদ্যুপ্পা” ৰ জৰিয়তে  বিশিষ্ট নাট্যশিল্পী, অভিনেতা, পৰিচালক তথা সাংস্কৃতিক সংগঠক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল নাট উপস্থাপনৰ এক ব্যতিক্ৰম ধাৰা ৷ গোৱালপাৰা জিলাৰ অগিয়া ৰামপুৰ গাঁৱত তেওঁ “আণ্ডাৰ দা ছাল ট্ৰি” শীৰ্ষক নাট্য মহোৎসৱৰ অনুষ্ঠিত কৰি ৰাজ্যৰ সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱাই নহয়, সম্পূৰ্ণ এক মনোৰম প্ৰাকৃতিক পৰিবেশত নাট পৰিবেশন কৰি ব্যতিক্ৰমী নাট্য আন্দোলনৰ সূচনা কৰিছিল । নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই অসমত জন্ম দি থৈ যোৱা সেই ব্যতিক্ৰমী আৰু বিশ্ব বিৰল নাট্যধাৰৰ অনুকৰণত নগাঁও জিলাৰ বেবেজীয়াৰ মুকলি পথাৰৰ ভৰপূৰ এক প্ৰাকৃতিক পৰিবেশত শব্দ আৰু পোহৰ বিহীন ভাৱে আজিৰে পৰা দুদিনীয়াকৈ  অনুষ্ঠিত হব দ্বিতীয় বাৰ্ষিক ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ ৷তদুপলক্ষে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ যান্ত্ৰিকতাৰ পৰা আতৰি  ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় দুশমিটাৰ নিলগৰ মুকলি আকাশৰ তলত পথাৰৰ এক সম্পূৰ্ণ মনোৰম প্ৰাকৃতিক পৰিবেশৰ মাজত শব্দ আৰু পোহৰ বিহীন পূৰ্ণাংগ নাট মহোৎসৱটি দ্বিতীয় বাৰৰ বাবে আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছে ৷ “ৰ’দঘাই বেবেজীয়া” ৰ মুকলি পথাৰত আজি আৰু কাইলৈ এই দুয়োটা দিনতে নাট্যপ্ৰেমী দৰ্শক ৰাইজ লোকাৰণ্য হৈ পৰাৰ আশা প্ৰকাশ কৰি ৰ’দঘাই বেবেজীয়াৰ নাট্য মহোৎসৱৰ সভাপতি তথা বিশিষ্ট অভিনেতা, ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত শিল্পী, বিশিষ্ট নাট পৰিচালক প্ৰদীপ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰঞ্জন হাজৰিকাই জানিব দিয়া অনুসৰি ৬ মাৰ্চৰ দুপৰীয়া ১ বজাৰ পৰা ৰবিজিতা গগৈৰ পৰিচালনাত জিৰছং থিয়েটাৰ গুৱাহাটীৰ নিবেদন “বান্টি আৰু বাবলি”,পৰিচালক গগন চৌধুৰীৰ ৰংগমঞ্চ নগাঁৱৰ নিবেদন “যন্ত্ৰণা”,পৰিচালক দিপক বৰাৰ অবিনশ্বৰ গোষ্ঠীৰ নিবেদন বুদ্ধুৰাম মঞ্চস্থ হব ৷ ঠিক সেইদৰে, দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ৭ মাৰ্চৰ দুপৰীয়া ১ বজাৰ পৰা পৰিচালক মৃনাল কুমাৰ বৰা ৰংগালয় পুৰনিগুদামৰ নিবেদন “বহুৱা-the clown”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অৰিহণা নাট্য গোষ্ঠীৰ নিবেদন “ডাইনিং টেবুল”,পৰিচালক বিশ্বজিত বৰঠাকুৰৰ শতাব্দী নগাঁৱৰ নিবেদন “ক্ষত-বিক্ষত সময়”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ নিবেদন নগাঁৱৰ “এজন ডাক্তৰ আৰু এজাক কুকুৰ” চাৰিখনকৈ নাট মঞ্চস্থ হব ৷ দুয়োদিনৰ এই নাট মহোৎসৱত সকলো নাট্য প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি একান্ত ভাৱে কামনা কৰিছে ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ সমিতিয়ে ৷

Leave A Reply