Breaking

স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ জন্ম গাঁওত পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন …..

0 455

বোকাখাত মহকুমাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ গোলোং টেমেৰাত অৱস্থিত শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত ভাৰত স্বাধীনতা সংগ্ৰামৰ আপোচহীন সংগ্ৰামী বীৰ শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত আৰু  যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত মিচিং স্বায়ত্ত শাসিত পৰিষদে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

পৰিষদৰ উদ্যোগত অহা ২৩ এপ্ৰিলত দেশৰ বীৰ শ্বহীদ কমলা মিৰিৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব শ্বহীদ গৰাকীৰ জন্ম গাঁও গোলোংটেমেৰাত। শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উন্নয়ন পুঁজিৰ প্ৰায় ৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে ৪২ৰ আন্দোলনৰ বীৰ শ্বহীদ কমলা মিৰিৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি আৰু উদ্যানখনৰ আন্তঃগাঁথনিৰ কাম।

প্ৰতিকূল বতৰৰ মাজতে নিৰ্মাণ চলি আছে যুদ্ধকালীন তৎপৰতাত। কিয়নো ২৩ এপ্ৰিলত স্বাধীনতা সংগ্ৰামী গৰাকীৰ ৮০ সংখ্যক মৃত্যু তিথি। এই মৃত্যু তিথি দিনাই বীৰ শ্বহীদ কমলা মিৰিৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰাৰ লক্ষ্যৰে প্ৰতিকূল বতৰৰ মাজতে এনে দৰে চলাই আছে নিৰ্মাণ কাম। দেশ স্বাধীন হোৱা ৭৫ বছৰ অতিক্ৰমৰ পাছত অৱশেষত বীৰ শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত আৰু যুগমীয়া কৰি ৰখাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ল’লে মিচিং স্বায়ত্ত শাসিত পৰিষদে। 

ইপিনে শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানখনৰ মূল প্ৰৱেশ দ্বাৰৰ তোৰণখন গোলোং টেমেৰা গাঁও পঞ্চায়তৰ তৰফৰ পৰা নিৰ্মাণ কৰিছে।মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে৷

Leave A Reply