Breaking

নাজিৰাত বিকল পানী যোগান প্ৰকল্প মেৰামতিৰ নামত শ্ৰাদ্ধ চৰকাৰী ধন : সংবাদ মাধ্যমৰ বাতৰিত থৰকাছুটি হেৰুৱাইছে বিভাগীয় বিষয়া-ঠিকাদাৰে

0 57

নাজিৰা

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰা বৰ্তমানৰ শাসকীয় দলৰ নেতাৰ আশীষধন্য হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ একাংশ বিষয়া আৰু ঠিকাদাৰে মিলি বিশুদ্ধ খোৱা পানীৰ নামতো চলাইছে চৰকাৰী ধনৰ অবাধ লুণ্ঠন। এই কাৰ্যালয়ৰ অধীনত নাজিৰা মহকুমাটোৰ বিভিন্ন প্ৰান্তত থকা বিশুদ্ধ খোৱা পানী প্ৰকল্পসমূহৰ ভিতৰত ভালেকেইটা প্ৰকল্প বিকল হৈ থকাত অঞ্চলসমূহৰ জনগণে এটুপি খোৱা পানীৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে । লাখ লাখ টকা ব্যয় কৰি জনগণৰ সুবিধাৰ বাবে প্ৰকল্প সমূহ স্থাপন কৰা হৈছিল যদিও ইয়াৰে কেইবাটাও প্ৰকল্প বিকল হৈ পৰিছে দীৰ্ঘদিন মেৰামতিৰ অভাৱত। এই বিকল হৈ থকা প্ৰকল্পসমূহ পুনৰ মেৰামতি কৰিবৰ বাবে চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা আৱণ্টন জনাই আহিছে যদিও ইয়াৰে কিছুসংখ্যক মেৰামতিৰ কাম কৰি বাকী কাম সম্পূৰ্ণ নোহোৱাকৈয়ে ধন ব্যয় কৰা দেখুৱাই সিংহভাগ ধন গো — গ্ৰাসে গ্ৰাহ কৰি আহিছে৷ উদাহৰণস্বৰূপে নাজিৰা মহকুমাৰ ৰাজগড় চাৰিআলি পানী যোগান প্ৰকল্প আৰু শিমলুগুৰি বৰকলা নগৰ পানী যোগান মেৰামতিৰ বাবে চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ধন আৱণ্টন দিছিল যদিও মেৰামতি সম্পূৰ্ণ নোহোৱাকৈয়ে সমুদায় ধন মুকলাই নিলে । ঠিক সেই দৰে শ্ৰীপুৰ পানী যোগান প্ৰকল্প আৰু বাণ্টুং লাহন পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে কেইবালাখ টকা একাংশ বিষয়া – ঠিকাদাৰে নিজৰ জেপত সোমোৱাই বুলিও অভিযোগ উঠিছে৷ ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ত সংঘটিত এনে অনিয়ম সন্দৰ্ভত সংবাদ মাধ্যমত ক্ৰমান্বয়ে বাতৰি প্ৰকাশ হোৱাৰ পিছতেই কাৰ্যালয়টোৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হোৱায়েই নহয় একাংশ বিষয়া-ঠিকাদাৰে থৰকাছুটি হেৰুৱাইছে। একাংশ বিষয়া-ঠিকাদাৰে প্ৰকাশিত বাতৰি মিছা বুলি পতিয়ন নিয়াবলৈ বিভিন্ন পন্থাৰ সহায় লোৱা বুলি এক গোপন সূত্ৰে জানিব পৰা গৈছে৷ আনকি বাতৰি প্ৰকাশ নোহোৱা সংবাদ মাধ্যম তথা বাতৰি কাকতৰ কেইজনমান বচা বচা সাংবাদিকক ধৰ টোপোলা আগবঢ়াই মেনেজ কৰিবলৈ অপচেষ্টা কৰা পৰিলক্ষিত হৈছে সেই কথা সৰ্বজনবিদিত হৈ পৰিছে। বিকল পানী যোগান প্ৰকল্প সমূহ কাৰ্যক্ষম কৰি তুলিবৰ বাবে দুই কোটিৰো অধিক টকা চৰকাৰে আৱণ্টন দিয়াৰ পিছতো ৰাজগড় আলি পানী যোগান প্ৰকল্প, বৰকলা পানী যোগান প্ৰকল্প, শ্ৰীপুৰ পানী যোগান প্ৰকল্প আৰু বাণ্টুং লাহন পানী যোগান প্ৰকল্পৰ মেৰামতিৰ কাম বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ কাৰ আশীষধন্য হৈ ঠিকাদাৰে বিল আদায় ল’লে সেয়া ৰহস্যৰ আৰ্ৱত্তত৷ ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ এনে কেতবোৰ অনিয়মৰ অভিযোগ খণ্ডন কৰাৰ বিপৰীতে সচেতন ৰাইজে নিৰপেক্ষ তদন্তৰ বাবে নাজিৰা মহকুমা প্ৰশাসনক দাবী জনাইছে৷

Leave A Reply