Breaking

কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু কৰৰা শিক্ষাখণ্ডৰ সহযোগত জি-২০ জনভাগিদাৰী কৰ্মশালা

0 110

সোমবাৰে কামৰূপ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু কৰৰা শিক্ষা খণ্ডৰ সহযোগত ৬৪৮ নং ক্ষুদ্ৰপলহা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে “জি-২০ জনভাগিদাৰী” কৰ্মশালা এখনি আয়োজন কৰে৷ কেন্দ্ৰ সমন্বয়ক অচ্যুত বৰা আৰু কনকলতা দাসে আঁত ধৰা কৰ্মশালাৰ আৰম্ভণিতে জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ এম জি অৰবিন্দকছান ডাঙৰীয়াৰ হাতেৰে বৃক্ষৰোপণ কৰি দিনটোৰ কাৰ্যসূচীৰ শুভাৰাম্ভণি কৰা হয়৷

তেখেতৰ লগতে ৬৪৮ নং ক্ষুদ্ৰপলহা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিবাকৰ অধিকাৰী আৰু সভানেত্ৰী চুৰিয়া বেগম লগতে জিলা আঁচনি বিষয়া সংগীতা গোস্বামীয়ে এজোপাকৈ নেমু পুলি ৰোপণ কৰে৷ চি আৰ চি সিদ্ধাৰ্থ শৰ্মাৰ দ্বাৰা স্বৰচিত জনভাগিদাৰী গীতটো সকলো চি আৰ চি আৰু বি আৰ পি সকলে মিলি পৰিৱেশন কৰে৷

অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা কনকন ছাত্ৰছাত্ৰীসকলে সাধু কথা,গীত, নৃত্য,কবিতা আবৃত্তি কৰি সকলোকে আকৰ্ষিত কৰে৷ প্ৰায় তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰী বিভিন্ন শিক্ষাখণ্ডৰ পৰা অহা শিক্ষা খণ্ড বিষয়া ,চি আৰ চি, বি আৰ পি, উপস্থিত থকা আজিৰ অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত (শিক্ষা বিভাগ) ড° জীৱন কৃষ্ণ গোস্বামীয়ে ছাত্ৰছাত্ৰীক সৰুৰেপৰা কি দৰে গণিত শিকাৰ প্ৰতি মনোগ্ৰাহী কৰিব লাগে আলোকপাত কৰে৷

বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া TLM মেলাৰ দ্বাৰ মুকলি কৰি উপস্থিত সকলোকে শিকন সামগ্ৰী প্ৰয়োজনীয়তা আৰু প্ৰয়োগৰ দিশত মতামত আগবঢ়ায়৷ তেখেতে এনে ধৰণৰ TLM মেলা প্ৰতিখন বিদ্যালয়ত পাতিবলৈ আহ্বান জনায়৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পূৱ কামৰূপ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন তালুকদাৰে নিজৰ ৰসাল কথাৰে সকলোকে আমোদ দিয়ে ৷

অনুষ্ঠানত কৰৰা শিক্ষা খণ্ডৰ খণ্ড বিষয়া সমৰেন্দ্ৰ চহৰীয়া, কমলপুৰ শিক্ষা বিষয়া মুণীন্দ্ৰ গোস্বামী,জিলা আচঁনি বিষয়া ফুলপাহী নাথ,চুইটী বেজবৰুৱা FLN সমন্বয়ক নিতু মণি মহন্ত উপস্থিত থকা অনুষ্ঠানৰ শেষত কেন্দ্ৰ সমন্বয়ক গিৰিন দাসে শলাগৰ শৰাই আগবঢ়ায়৷

Leave A Reply