Breaking

নগাঁও কলেজত জি-২০, ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক্ কাৰ্যসূচী

0 54

নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত আজিৰে পৰা মহাবিদ্যালয়ত ভাৰতৰ জি-২০, ৱাই-২০ ৰ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী আৰম্ভ হৈছে। নগাঁও জিলাৰ বিভিন্ন কলেজৰ মাজত “ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ যুৱ প্ৰজন্মক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰাত সহায় কৰিব” তৰ্ক প্ৰতিযোগিতা আৰু কুইজ অনুষ্ঠিত হয়।

লগতে জি-২০ দেশসমূহৰ প্ৰধানসকলৰ প্ৰতিচ্ছবি আৰু জি-২০ দেশৰ প্ৰতিচ্ছবি অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে উদ্বোধন কৰা তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰে আসাম ট্ৰিবিউনৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰাই আৰু বিচাৰক হিচাপে উপস্থিত থাকে নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ সহযোগী অধ্যাপক গুণ শইকীয়া আৰু শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰশান্ত খনিকৰে।

প্ৰতিযোগিতাখনত নগাঁও জিলাৰ বিভিন্ন কলেজৰ মুঠ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে জিলা তথ্য আৰু জন সংযোগ বিষয়া অংকিতা গগৈ, নেহেৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক প্ৰমথেশ চক্ৰৱৰ্তী প্ৰমুখ্য কৰি নগাঁও কলেজৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে।

তদুপৰি আজি অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনি নগাঁও কলেজৰ জি-২০, ৱাই-২০ প্ৰাককাৰ্যসূচীৰ সমন্বয়কদ্বয় ড০ লক্ষ্য জ্যোতি বৰঠাকুৰ আৰু ড০ ভুৱন চন্দ্ৰ চুতীয়াৰ তত্ত্বাৱধানত নগাঁও কুইজ ফৰামৰ চন্দ্ৰজিৎ দাস আৰু নয়ন জ্যোতি বৰাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত বিভিন্ন কলেজৰ ১৬টা দলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে আজি অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনিত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে নগাঁও কলেজৰ ছাত্ৰ- ভৱসিন্ধু বৰঠাকুৰ, শিৱৰঞ্জন বৰঠাকুৰ আৰু ভাৰ্গৱ জ্যোতি বৰাই। কুইজ প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে – নগাঁও কলেজৰ নয়নমণি হীৰা আৰু ত্ৰিদিপ নাথৰ দল, ৰ’দালী বৰুৱা আৰু প্ৰয়াস শৰ্মাৰ দল আৰু কাকলী দাস আৰু গীতাষ্ময়ী শৰ্মাৰ দলে।

জি-২০, ৱাই-২০ ৰ লগত সংগতি ৰাখি অহা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনঃ বহনক্ষমতাক জীৱন ধাৰণৰ এক উপায় হিচাপে গঢ়ি তোলা’ শীৰ্ষক আলোচনা চক্ৰত ভাৰতৰ ‘অৰণ্য মানৱ’ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙ মুখ্য বক্তা আৰু অতিথি হিচাপে উপস্থিত থাকিব বুলি অধ্যক্ষ ড০ বৰকটকীয়ে জনায়।

Leave A Reply