Breaking

গোগামুখ ৰামধেনু সংঘৰ উদ্যোগত গান্ধী জয়ন্তী উদ্‌যাপন

0 2,228

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰামধেনু সংঘৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে গোগামুখতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী কালি উদ্‌যাপন কৰা হয় ৷ গোগামুখ-গেৰুকামুখ পথস্হিত অংকিত মটৰ্চত উদ্‌যাপন কৰা উক্ত গান্ধী জয়ন্তীত Experience Sharing শীৰ্ষক এটি কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত ধেমাজি জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক পদ্মেশ্বৰ পেগুৱে তেওঁৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰাা লগতে ক’ভিড সম্পৰ্কত নাতি দীৰ্ঘ বক্তব্য আগবঢ়ায় ৷ তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাইজক উদ্দেশ্যি কয়- ক’ভিডৰ লগত ধেমালি কৰা উচিত নহয় আৰু ইয়াক সহজে ল’ব নালাগে ৷ মোৰ চাকৰি কালৰ অৱসৰৰ পিছতো মই মানৱ সেৱা আৰু ক’ভিডৰ পৰা ৰাইজক বচাবৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই আছো ৷ ক’বলৈ গলে মোৰ অৱসৰকালীন জীৱনটো ৰাইজৰ লগতে দেশৰ বাবে উৎসৰ্গা কৰিছো বুলি তেওঁ দোহাৰে ৷ তেওঁ লগতে কয়- চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মী সকলে ক’ভিড যুদ্ধত বহু ত্যাগ স্বীকাৰ কৰিছে ৷ বিভিন্ন দল-সংগঠন আৰু স্বেচ্ছাসেৱী সংস্হাবোৰেও ক’ভিডৰ বিৰুদ্ধে যুঁজ দিলে নিশ্চয় আমি এদিন ক’ভিড মুক্ত হ’ম বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে ৰামধনু সংঘৰ সভাপতি দিলীপ কামানে ৷ সঞ্চালন কৰে ৰামধেনু সংঘৰ সম্পাদক বিমল স্বৰ্গীয়াৰীয়ে ৷ উক্ত অনুষ্ঠানতে বিমল স্বৰ্গীয়াৰীৰ কথা, সুৰ আৰু কণ্ঠৰে প্ৰভুৰে দয়া মায়াৰে ভৰা শীৰ্ষক গীতটো উদ্বোধন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰধান শিক্ষক প্ৰিয় দত্ত, গোবিন শৰ্মা, দন্দেশ্বৰ বুঢ়াগোঁহাই, অংকিত মটৰ্চৰ স্বত্বাধিকাৰ অজিত প্ৰসাদ, সাংবাদিক মনোজ গগৈ প্ৰমূখ্যে বহু গণ্য-মান্য লোক ৷

Leave A Reply