Breaking

কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ‘গান্ধী জয়ন্তী’ পালন

0 2,037

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ, কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিনৰ লগত সংগতি ৰাখি নামঘৰ তথা ধৰ্মীয় অনুষ্ঠান পৰিষ্কাৰকৰণ আৰু ফলমূলৰ গছপুলি ৰোপণ এক কাৰ্যসূচী ৰূপায়ন কৰে । কালি আঞ্চলিক সমিতিখনৰ অন্তৰ্গত বৰআলি গাঁও নামঘৰ, ১নং তেজী গাঁও নামঘৰ আৰু উৱন গাঁও নামঘৰ পৰিষ্কাৰ আৰু ফলমূলৰ গছপুলি ৰোপণ কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে উৱন সত্ৰৰ সত্ৰাধিকাৰ, তিনিওখন গাঁৱৰ বৰবুঢ়া, ভকত সকল, স্থানীয় যুৱক সংঘ, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মণ্টু চেতিয়া,  সাংগঠনিক সম্পাদক মানিক মৰাণ, কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি শোভিত মৰাণ, সম্পাদক চমনজিত মৰাণৰ লগতে অনান্য বিষয়ববীয়া সকল । স্থানীয় ৰাইজে সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ এনে এক সুন্দৰ প্ৰদক্ষেপক শলাগ লৈছে আৰু অনাগত দিনত এনেধৰণৰ প্ৰশংসনীয় কাম কৰি যাবলৈ অনুৰোধ জনাইছে ।

Leave A Reply