Breaking

পূজাৰ বতৰত শক্তি বিভাগৰ উপহাৰ। পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল, ৯৯ দিনত গোটাব লোকচানৰ ধন; ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ বৃদ্ধি মাচুল…

0 47

মাচুল বৃদ্ধিৰে আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ বতৰত শক্তি বিভাগে অসমবাসীক দিলে পুজাৰ উপহাৰ। কাইলৈৰ পৰা ৰাজ্যবাসীয়ে প্ৰতি ইউনিটতত শক্তি বিভাগক আদায় দিব লাগিব সৰ্বনিম্ন ৩০ পইচাৰ পৰা সৰ্বোচ্চ ১টকা ২৯ পইচা। আনহাতে কেন্দ্ৰীয় চৰকাৰে কাইলৈৰ পৰা অসমক এবছৰৰ বাবে ১৭৯ মেগাৱত বিদ্যুত যোগান ধৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে জানিবলৈ দিছিল। শক্তি বিভাগে ইন্ধন আৰু বিদ্যুত ক্ৰয়ৰ জোৰা মাৰিবলৈ প্ৰতি ইউনিটতত মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহন কৰে।

সেই মৰ্মে ৩০০ ইউনিটত ব্যয় কৰা গ্ৰাহকে অতিৰিক্ত ভাবে ৯০ টকা, ৫০০ ইউনিটত ব্যয় কৰা গ্ৰাহকে ১৫০ টকা আৰু ৫০০ ইউনিটতকৈ অধিক ব্যয় কৰা গ্ৰাহকে শক্তি বিভাগক আদায় দিব লাগিব অতিৰিক্ত ভাবে ৬৫০ টকা। উল্লেখ্য যে শক্তি বিভাগে লোকচানৰ দোহাই দি মাচুল বৃদ্ধি কৰা এক পৰম্পৰাত পৰিণত হৈছে যদিও বিভাগটোৱে নিজস্ব উৎপাদনৰ ক্ষেত্ৰত গ্ৰহন কৰা নাই কোনো আঁচনি। ইয়াৰ বিপৰীতে আন আন উৎসৰ পৰা বিদ্যুত ক্ৰয় কৰি লোকচানৰ দোহাই দি সৰ্বসাধাৰণ গ্ৰাহকক মাচুল বৃদ্ধিৰে মাধমাৰ শোধাই আহিছে। উল্লেখ্য যে বৰ্তমান ৰাজ্যখনত ২৫০০ মেগাৱত বিদ্যুতৰ চাহিদাৰ বিপৰীতে শক্তি বিভাগৰ নিজস্ব উৎপাদন ৩০০ মেগাৱত। বিভিন্ন উৎসৰ পৰা ১৩০০ মেগাৱত বিদ্যুত ক্ৰয় কৰে যদিও ৭০০ মেগাৱত বিদ্যুত ঘাটিৰে চলি আছে বিভাগটো।

Leave A Reply