Breaking

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা : গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলি

0 2,032

 গোলাঘাট ফৰকাটিংৰ কুখ্যাত  ড্ৰাগছ ব্যৱসায়ী পাপু আলি গ্ৰেপ্তাৰ । কিছুদিন পূৰ্বে পাপু আলি তিৰুৱাল বৰফুকন খাটৰ নিৰ্মিয়মান বাসগৃহৰ পৰা  বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে  । উক্ত ঘটনাৰ পিছতে  ড্ৰাগছ মাফিয়া পাপু আলি আৰক্ষীৰ চকুত ধুলি দি   পলাই ফুৰিছিল । অৱশেষত গোলাঘাট ফৰকাটিং আৰক্ষীয়ে ফৰকাটিং অঞ্চলৰ পৰাই ড্ৰাগছ  মাফিয়া পাপু আলিক গ্ৰেপ্তাৰ কৰিবলৈ  সক্ষম হয় ।  উল্লেখযোগ্য যে , পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগতো  জড়িত আছিল । অগাধ  ধন-সম্পত্তিৰ মালিক এই পাপু আলিৰ বাসগৃহত  ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত  অভিযান চলাই ঘৰৰ বিভিন্ন স্থানৰ  পৰা পিষ্টল,গ্ৰেণেড, সেনাৰ পোছাক আদি উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে অন্য জিলালৈও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছে পাপু আলিৰ  বিৰুদ্ধে।  স্থানীয় লোকৰ ভাষ্য অনুসৰি  এনে অসাধু ব্যৱসায় কৰিয়েই পাপু আলিয়ে গোটাইছিল অজস্ৰ ধন-সম্পত্তি।  আজি এই কুখ্যাত ড্ৰাগছ মাফিয়াৰ গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ কৰিছে গোলাঘাটবাসীয়ে।

Leave A Reply