Breaking

সুখবৰ; অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন সফলতা!

0 75

সুখবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন সফলতা! নতুনকৈ উদ্ভাৱন কৰা উচ্চ উৎপাদনক্ষম শালি ধানৰ তিনিটা আৰু মাহজাতীয় শস্যৰ তিনিটাসহ মুঠ ৬টা নতুন জাতে লাভ কৰিলে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অনুমোদন।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত উদ্ভাৱন কৰা তিনিটা উচ্চ উৎপাদনক্ষম শালি ধানৰ জাত- “পাটকাই”, “শতাব্দী”, “প্ৰচুৰ” আৰু তিনিটা মাহজাতীয় শস্য বিশেষকৈ মটৰমাহৰ জাত “জেউতি”, মগুমাহৰ জাত “বুৰৈ” আৰু মাটিমাহৰ জাত “পাভৈ”-এ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় কৃষিজাত অনুমোদন সমিতিৰ অনুমোদন লাভ কৰিছে।

উদ্ভাৱন প্ৰক্ৰিয়াৰে জড়িত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকল, নগাঁও মাণ্ডলিক কৃষি গৱেষণা পৰিষদৰ বিজ্ঞানীসকল প্ৰমুখ্যে ইয়াৰ সৈতে জড়িত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী বিজ্ঞানীক অভিনন্দন তথা শুভেচ্ছা জনাই কৃষি মন্ত্ৰী অতুল বৰাই কয়, ‘বিশেষ গুণবিশিষ্ট এই উন্নত জাতসমূহে আমাৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব আৰু কৃষি উৎপাদন বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি গভীৰ আশাবাদী। অসম কৃষি বিশ্ববিদ্যালয়ৰ এনে সফলতাৰ ধাৰা সদায়ে অব্যাহত থাকক, তাকেই কামনা কৰিলোঁ’।

Leave A Reply