Breaking

ছাত্ৰী সকললৈ সুখবৰ ! কলেজত অধ্যয়ন কৰা ছাত্ৰীসকলে পাব ২৫ হাজাৰ টকা…

0 44


কলেজলৈ পোৱা ছাত্ৰীসকলৈ এক সুখবৰ। এতিয়াৰে পৰা ২৫ হাজাৰ টকা একাউন্টত সোমাব ছাত্ৰীসকলৰ। অকল সেইয়াই নহয় নামভৰ্তিও সম্পূৰ্ণ বিনামূলীয়া হব ছাত্ৰী সকলৰ। এতিয়াৰে পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীৰ একাউন্টত ১০ হাজাৰ টকা, ডিগ্ৰীলৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ১২ হাজাৰ পাঁচশ টকা আৰু বিশ্ববিদ্যালয়লৈ পোৱা ছাত্ৰীসকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ সুমুৱাই দিব চৰকাৰে।


বৰপথাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক প্ৰচাৰ সভাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।


নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে টেঙানিবাসীৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো এখনকৈ ৰে’লৱে অভাৰব্ৰীছ নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে এক লাখ ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাচা জয়ী হব বুলিও মন্তব্য কৰে।

Leave A Reply