Breaking

পৰ্যটনক্ষেত্ৰৰ শুভ বাৰ্তা! গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ’ব জলপথেৰে

0 98

গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ’ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে ই আভ্যন্তৰীণ জলপথ বিকশিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ সাতটা ধৰ্মীয় স্থান সংযোগ কৰিবলৈ ‘ৰিভাৰিন বেছড ৰিলিজিয়াছ টুৰিজিম চাৰ্কিট’ৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই), সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড (এছডিচিএল), অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ে শুকুৰবাৰে ব্ৰহ্মপুত্ৰ নদীত ‘নদী-আধাৰিত পৰ্যটন চাৰ্কিট’ৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

তথ্য অনুসৰি, সাগৰমালা কাৰ্যক্ৰমৰ অধীনত প্ৰাৰম্ভিক ব্যয় ৪০-৫০ কোটি টকাত এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব। আইডব্লিউএআই আৰু এছডিচিএলে যুটীয়াভাৱে এই প্ৰকল্পত ৫৫ শতাংশ অৰিহনা দিব।

এই প্ৰকল্পৰ অধীনত গুৱাহাটীত অৱস্থিত সাতটা ঐতিহাসিক মন্দিৰ- কামাখ্যা, পাণ্ডুনাথ, অশ্ৱক্লান্ত, দৌল গোবিন্দ, উমানন্দ, চক্ৰেশ্বৰ আৰু আউনীআটি সত্ৰ সংযোগ কৰা হ’ব৷, এই প্ৰকল্পটোৱে পৰ্যটনক্ষেত্ৰত যথেষ্ঠখিনি অৰিহনা আগবঢ়াব বুলি আশা কৰা হৈছে।

Leave A Reply