Breaking

নাজিৰাত পতাকা উত্তোলন স্থলীত ঘোষণা হ’ল ধোদৰ আলিক ফ’ৰলেনলৈ উন্নীত কৰোৱাৰ চৰকাৰী পদক্ষেপ

0 1,525

এক বিশাল জনতাৰ উপস্থিতিৰ পৰিৱৰ্ত্তে মহকুমা প্ৰশাসনে ক’ভিড আচৰণ বিধি অনুসৰি আমন্ত্ৰণ জনোৱা সীমিত সংখ্যক  আৰু ৰাইজৰ মাজৰপৰা হোৱা সীমিত সংখ্যক নাগৰিকৰ উপস্থিতিত ১৫ আগষ্টৰ পুৱা ৯ বজাত গান্ধী ময়দান সংলগ্ন নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলণ কৰে নাজিৰাৰ  ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে  । স্বাধীনতা সেনানী তথা মূক্তি যোদ্ধা সকললৈ শ্ৰদ্ধা জনোৱাৰ লগতে স্বাধীনতা আন্দোলনৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ কৰা ভাষণত মুখ্য অতিথি সব্যসাচী কাশ্যপে নাজিৰা মহকুমাত কৰ’না বিভিষীকাৰপৰা মূক্তিৰ বাবে আৰম্ভ কৰা ক’ভিড চিকিৎসালয়ৰ বিষয়ে উল্লেখ কৰাৰ লগতে নাজিৰাত সৰ্বমুঠ ক’ভিডত আক্ৰান্ত ২০৫৫ জনৰ বিপৰীতে ৪৯ জনৰ মৃত্যু ঘটা বুলি উল্লেখ কৰে । কৃষি বিভাগৰ আঁচনিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন, গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান মন্ত্ৰীৰ গ্ৰামীন জীৱিকা অভিযান, গ্ৰামীন আবাস যোজনা, এম জি এনৰেগা আঁচনিৰ ৰূপায়ণৰ লগতে পঞ্চায়তৰ ২৮ কোটি ৫৫ লাখ টকাৰ উন্নয়ন আঁচনিৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে । আনহাতে লোক নিৰ্মাণ বিভাগৰ অধীনত অসম মালা আঁচনিৰ অধীনত চৰাইদেউ জিলাক সামৰি নাজিৰাৰ ধোদৰ আলিক ফ’ৰলেনলৈ উন্নীতকৰণৰ অসম বিধান সভাত লোৱা চৰকাৰী পদক্ষেপক স্বাধীনতা দিৱসৰ ভাষণত ৰাজহুৱা কৰা হয় । নাজিৰা আৰু আমগুৰি পথ সংমণ্ডলৰ আৱন্টিত ৩২’ ৫ কিঃমিঃ পথৰ ১৬’৩১ কিঃমিঃ সম্পূৰ্ণ হৈ উঠাৰ লগতে ৪খন দলঙৰ ৩খন সম্পূৰ্ণ হোৱা বুলি কয় । আনহাতে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৯০ টা চলোৱাৰ লগতে ১০ কোটি ৪৮ লাখ টকাৰ ৰাজহ আহৰণ কৰা বুলি প্ৰকাশ কৰে । নাজিৰা আৰু  শিমলুগুৰিৰ দুই নগৰত চলি ৰোৱা আঁচনিৰো আভাস দাঙি ধৰা স্বাধীনতা অমৃত দিৱসৰ কাৰ্য্যসূচীত নাজিৰাৰ দুই চাহ বাগিছাত নিৰ্মিত দুখনকৈ মডেল হাইস্কুলৰ কামৰ অগ্ৰগতিয়ে ভাষণত ঠাই পায় । অসম আৰক্ষীৰ লগতে শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ স্কাউট দলে মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বে মহকুমাধিপতিয়ে নাজিৰা মহাত্মা গান্ধী স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ, মুন্সিফ বিষয়া, নাজিৰা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থকা আৰু কোনো সাংস্কৃতিক কাৰ্য্যসূচী অবিহনে চলি ৰোৱা কাৰ্য্যসূচীত এথলেট পৰমানন্দ দত্ত, প্ৰগতিশীল কৃষক নন্দকিশোৰ সিং, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ইন্দুভূষণ মহন্ত, লেখিকা ফুল চাংমাই, নাট্য শিল্পী আব্দুল হেকিম, গাঁওবুঢ়া হেমন্ত মহন, বামগাঁও ৰূপালী আত্ম সহায়ক গোটলৈ সম্বৰ্ধনা জনায় মহকুমা প্ৰশাসনে  । আনহাতে অনলাইন প্ৰক্ৰিয়াৰে অনুষ্ঠিত দেশ প্ৰেমমূলক গীত, কবিতাৰ আবৃতি, ৰচনা আদি বিষয়ৰ বিজয়ী সকলক থলীতে পুৰস্কৃত কৰা হয় । আনহাতে বিজয় চন্দ্ৰ বৰা সম্পাদিত “জ্যেষ্ঠ বাৰ্তা-স্বাধীনতা সংগ্ৰাম আৰু নাজিৰা” শীৰ্ষক নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখপত্ৰ খনিৰ উন্মোচন কৰে মুখ্য অতিথি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে ।

Leave A Reply