Breaking

শিক্ষক দিৱস উপলক্ষে গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

0 94

শিক্ষক দিৱস উপলক্ষে মঙলবাৰে দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাঁটাৰীয়া গোলঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় )ত উপস্থিত হয়।

ৰাজ্যপালজনক আদৰণি জনাই গোলাঘাট সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।

ইয়াৰ পিছতেই ৰাজ্যপাল গৰাকীয়ে প্ৰায় ১২-৩০ বজাত ৰঙাজানৰ বি এচ এচ আৰ ভিত উপস্থিত হয় । কাৰ্যসূচী অনুসৰি বিয়লি ৩বজাত বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ, গোলাঘাটৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰৰ উদ্বোধনী তথা শিক্ষক দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে নিৰ্মাণ কাৰ্য চলি থকা বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়।

উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে।

Leave A Reply