Breaking

ওদালগুৰিৰ প্ৰগতিশীল কৃষক চতেন্দ্ৰ বসুমতাৰীৰ কৃষি উদ্যান পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ

0 52

ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই আজি ওদালগুৰি জিলাত উপস্থিত হৈ জিলা খনৰ অন্তৰ্গত বৈগ্ৰীগুৰি গাঁৱৰ প্ৰগতিশীল কৃষক চতেন্দ্ৰ বসুমতাৰীৰ সমন্বিত কৃষি উদ্যানখন পৰিদৰ্শন কৰে।

প্ৰায় ৩.৫০ বিঘা মাটিত খেতি কৰা ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰি ৰাজ্যপাল কটাৰিয়াই কৃষক চতেন্দ্ৰ বসুমতাৰীক ভূয়সী প্ৰশংসা কৰে।

ৰাজ্যপাল গৰাকীয়ে কৃষক জনৰ সৈতে মত বিনিময় কৰি দিহা পৰামৰ্শও আগবঢ়ায়।

উল্লেখযোগ্য যে কৃষকগৰাকীয়ে ড্ৰেগন ফলৰ লগতে প্ৰায় ৮ বিঘা মাটিত তামোলৰ বাগিচা, ষ্ট্ৰ’বেৰী ৫ বিঘা মাটিত আৰু প্ৰায় ২২ বিঘা মাটিত ধান খেতি কৰি বছৰি ৭ লাখৰ পৰা ৮ লাখ টকা উপাৰ্জন কৰে।

তেখেতে National Bee keeping and Honey Missionৰ অধীনত মৌপালন কৰিবলৈও আৰম্ভ কৰিছে।


সমান্তৰালভাৱে খেতিৰ লগতে তেওঁ তামোলৰ পুলি আৰু ড্ৰেগন ফলৰ পুলি নিজে প্ৰস্তুত কৰি ৰাইজিং নাৰ্চাৰী এখনো নতুনকৈ সংলগ্ন কৰিছে।

ৰাজ্যপাল কটাৰিয়াৰ লগতে তেখেতৰ সহধৰ্মিনী অনিতা কটাৰিয়াই ড্ৰেগন ফলৰ বাগিচা পৰিদৰ্শন কৰি আপ্লুত হয়।

-অৰূপ বড়ো, টংলা

Leave A Reply