Breaking

লালুক আৰক্ষীৰ বৃহৎ সাফল্য

0 28

অসমৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো অবৈধ ভাৱে চলি আছে গো -মাতাৰ চোৰাং বেহা। জানিব পৰা মতে একাংশ দালালৰ ছত্ৰ ছায়াত নিশাটো ভিতৰতে মুকলি বেহা।

নিশা প্রায় ১১ টা মান বজাত লালুক আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নাকা তালাচী চলাই কৰায়ত্ত কৰে ২ খনকৈ গৰুৰে ভৰ্তি পাঞ্জাববদী। এখনত ২৩ আৰু এখনত ২৬টা গৰু লৈ নগাওঁ আৰু গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ৫ দুস্কৃতিকাৰী সহ ৪৯টা গৰু আটক কৰে লালুক আৰক্ষীয়ে ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দুজনকৈ দুস্কৃতিকাৰীক এনকাউন্টাৰ কৰিছিল ধলপুৰ আৰক্ষীয়ে, কিন্তু শেষ হোৱা নাই অবৈধ গৰুৰ ৰমৰমীয়া বেহা।সৰবৰাহকাৰী গাড়ী দুখনৰ এখন গোগামুখৰ পৰা আৰু আন খন নাওবৈচাৰ বঙালমৰাৰ পৰা অহা বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষীয়ে।

Leave A Reply