Breaking

শুৱালকুছিত স্বাক্ষৰ অভিযানেৰে লাভলীনালৈ শুভেচ্ছা

0 1,234

জাপানৰ টকিঅ’ত ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক। টকিঅ অলিম্পকলৈ ইতিমধ্যে ৰাওনা হৈছে ভাৰতীয় ক্ৰীড়াবিদসকল।অসমক বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত উজলাই তুলিবলৈ আসন্ন অলিম্পিকত বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই। বক্সাৰ লাভলীনা বৰগোঁহাইৰ আৰু  ভাৰতীয় দলৰ সফলতা  কামনাৰে স্পৰ্টছ একাডেমী অব শুৱালকুছিয়ে ক’ভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰে এখনি শুভেচ্ছামূলক অনুষ্ঠান। শুৱালকুছি এ.চি.চি খেলপথাৰত একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে শুভেচ্ছামূলক শ্লোগান লিখা বেনাৰ লৈ সুন্দৰ পৰিবেশ গঢ়ি তোলা পৰিলক্ষিত হয়। কাৰ্যসূচী অনুসৰি শাৰীৰিক শিক্ষা নিৰ্দেশক দিলীপ মেধিয়ে মুকলি কৰে শুভেচ্ছা খোদিত স্বাক্ষৰ অভিযান অনুষ্ঠান।স্বাক্ষৰ অভিযান কাৰ্যসূচীত অংশগ্ৰহন কৰে শুৱালকুছি ক্ৰীড়া সন্থাৰ  সাধাৰণ সম্পাদক গৌতম বৈশ্য,খেলুৱৈ মকুন্দ কাকতিৰ লগতে বহুকেইগৰাকী ক্ৰীড়ানুৰাগীয়ে। লাভলীনাৰ লগতে অলিম্পিকত অংশগ্ৰহন কৰিবলগীয়া প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈলৈ শুভকামনা জ্ঞাপন কৰে একাডেমীখনৰ খেলুৱৈসকলে।

Leave A Reply