Breaking

দিল্লীত বন্ধুত্বৰ সুবিধালৈ দলৱদ্ধ বলাৎকাৰ কিশোৰীক

0 2,084

নতুন দিল্লীত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ এক জঘন্য ঘটনা । দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাস অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক চাৰিজন পাষণ্ডই দলৱদ্ধ বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

জানিব পৰা মতে দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাসত এঘৰত পৰিচাৰিকা হিচাবে কাম কৰা ১৪ বছৰীয়া কিশোৰী গৰাকীৰ চিনাকী হয় সেই খন ঘৰতে কাম কৰা এজন কিশোৰৰ সৈতে । লাহে লাহে সেই চিনাকীয়েই ভাল বন্ধুত্বৰ ৰূপ লয় ।
পিছত কিশোৰজনে সেই খন ঘৰৰ পৰা আন এখন ঘৰলৈ কাম কৰিলৈ যায় যদিওঁ কিশোৰী গৰাকীৰ সৈতে সম্পৰ্ক বজাই ৰাখে কিশোৰ জনে ।
শেহতীয়াকৈ শনিবাৰে দুপৰীয়া কিশোৰ জনে মতাত কিশোৰীগৰাকীয়ে কিশোৰ জনৰ ঘৰলৈ যায় আৰু কিশোৰ জনে নিজৰ ঘৰতে আন তিনিজন বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক দলৱদ্ধ বলাৎকাৰ কৰে।

বলাৎকাৰ কৰা চাৰিও জনৰে বয়স ক্ৰমে ১৭,১৮,২০ আৰু ৩০ বছৰ বুলি জানিব পৰা গৈছে । ঘটনা সম্পৰ্কত কিশোৰী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতে আজি আৰক্ষীয়ে অভিযান চলাই চাৰিওটা বলাৎকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
চাৰিও জনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। চলিত বৰ্ষত দিল্লীত ১২৪১ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে।

Leave A Reply