Breaking

১৮ জানুৱাৰীৰ পৰা অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৩…

0 514

অহা ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসমত গুণোৎসৱ ২০২৩। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে ৰাজ্যৰ মুঠ ৪৪,৫২৫খন বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৩।

বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ৰাণোজ পেগুৱে কয়, ‘১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৩।দ্বিতীয় পৰ্যায় ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু তৃতীয় পৰ্যায় ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৮৮,৫২৫খন বিদ্যালয়ত ৪২,৭৬,৮৮১ জন ছাত্ৰ-ছাত্ৰী আছে। ”প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ ছালমাৰা-মানচাচৰ আৰু উদালগুৰি জিলাত অনুষ্ঠিত হ’ব।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাকছা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ (ম), শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ’ব।

অৱশেষত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, কাছাৰ, নলবাৰী আৰু মৰিগাঁও জিলাত অনুষ্ঠিত হ’ব।

গুণোৎসৱ, অসম চৰকাৰৰ এক পদক্ষেপ যিয়ে মূলতঃ শিশুৰ শিক্ষণ ফলাফলৰ মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষণৰ ব্যৱধান চিনাক্তকৰণ আৰু পৰৱৰ্তী সময়ত উন্নতিৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থাৰ পৰিকল্পনা কৰে।

২০২২ চনৰ গুণোৎসৱত ৪৫,৭৩৫খন বিদ্যালয়ৰ ভিতৰত প্ৰায় ৪,৮২৬খন বিদ্যালয়ে এ+ গ্ৰেড আৰু ১৭,০৪৫খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰে। আনহাতে, ১৩,২০৮খন বিদ্যালয়ে বি গ্ৰেড, ৪,৬৬৭খনে চি গ্ৰেড আৰু ২,১৩২খনে ডি গ্ৰেড লাভ কৰিছে।

Leave A Reply