Breaking

গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষ্যে ডি ডি আৰ কলেজত আইন সজাগতা অনুষ্ঠান

0 90

গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষ্যে চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ কলেজত মঙলবাৰে আইন সজাগতাৰ এক বিশেষ অনুষ্ঠান সম্পন্ন হৈ যায়। উল্লেখ্য যে ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ে মহাৰজত বৰ্ষত উপনীত হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমান্তৰালকৈ জিলা আইন প্ৰাধিকৰণ বিলাকেও কিছু কাৰ্য্যসূচী ৰূপায়ন কৰিছে।

তাৰেই এক অংশ হিচাপে ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণে ডি ডি আৰ কলেজৰ আভ্যন্তৰীণ মান নিশ্চিত কোষৰ সহযোগিতাৰে ডি ডি আৰ কলেজত আইন সজাগতা কাৰ্য্যসূচী ৰূপায়ন কৰে।

এই কাৰ্য্যসূচীত ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক দণ্ডাধীশ লক্ষীনন্দন পেগু, ডিব্ৰুগড় উকীল সংস্থাৰ অধিবক্তা অভিষেক দে’ সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা (পকছ’) আইন ২০১২, নাৰ্কোটিক্স ড্ৰাগছ এণ্ড ছাইকোট্ৰপিক ছাবষ্টেন্সেজ (এন ডি পি এছ) আইন ১৯৮৫, বাল্য বিবাহ নিষিদ্ধ আইন ২০০৬ আৰু ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন ২০০৫ এই চাৰিখন গুৰুত্বপূৰ্ণ আইনৰ সবিশেষ ব্যাখ্যা দি ছাত্ৰ-ছাত্ৰীসকলক এই দিশত সচেতন কৰাৰ প্ৰয়াস কৰে।

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে সূত্ৰ ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰশান্ত শইকীয়া, উপাধ্যক্ষ অনিল গগৈ মঞ্চত উপবিষ্ট থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে মহাবিদ্যালয়ৰ ক’লা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ ওপৰিও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ৰণেন্দ্ৰ খাউণ্ড, পৰিসংখ্যা বিভাগৰ অধ্যাপক ড০ দিগন্ত দত্ত, ইংৰাজী বিভাগৰ অধ্যাপক দিপ্তীৰাণী দেন্তা আৰু ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ শোভৰাজ শৰ্মা আদি উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তোলে।

Leave A Reply