Breaking

আজি শুভ আলিংগন দিৱস‌ ! আলিংগন দিৱসত সম্পৰ্কৰ কোনবোৰ সৰু সৰু কথা গুৰুত্বপূৰ্ণ জানক…

0 272

আচলতে সম্পৰ্কবোৰ গঢ়ি তুলিব নালাগে। সম্পৰ্কবোৰ গঢ়ি উঠিব দিব লাগে।এই ধৰক আমাৰ যে কাৰোবাক ভাল লাগিলে, আমি কাৰোবাক ভালপোৱা হৈ গ’লে কৈ দিওঁ তেওঁক মনৰ কথাবোৰ এই ভাবি যে তেওঁ আমাৰ লগত প্ৰেমৰ সম্পৰ্কলৈ আহিব। কাৰোবাক লগ পাই অলপ কথা বতৰা মিলিলেই যে আমি তেওঁক বন্ধু বনাই লও।

আচলতে কথাবোৰ তেনেকুৱা নহয়। বন্ধুত্ব,প্ৰেম এইবোৰ সম্পৰ্ক মুখেৰে কৈ গঢ়িব নোৱাৰি। মই তোমাক ভাল পাও বুলি যে আমি এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলো, ভাইব মিলিলেই যে তুমি মোৰ বন্ধু বুলি বন্ধুত্ব গঢ়ি তোলো তেনেবোৰ সম্পৰ্কত সোনকালেই ফাট মেলাৰ সম্ভাৱনা ১০০%। কিন্তু যিবোৰ সম্পৰ্ক নিজে নিজে গঢ়ি উঠে তেনেবোৰ সম্পৰ্ক চিৰস্থায়ী। এনেবোৰ সম্পৰ্ক গঢ়ি উঠোতে সময় লাগে, কিন্তু বিশ্বাস কৰক এই সম্পৰ্কবোৰ অন্তৰৰ পৰা হয়। এনেবোৰ সম্পৰ্কক কোনো নামৰ প্ৰয়োজনেই নাথাকে। হঠাৎ কিবা এটা ভাল লগা হৈ যায়।

আৰু এই ভাল লগাটো একপক্ষীয় নহয়,দুয়ো পক্ষৰ পৰা হয়।ইজনে আনজনক কোৱাৰ প্ৰয়োজন নাথাকে যে তুমি মোৰ বন্ধু অথবা তুমি মোৰ প্ৰেম।যেতিয়া একো নভবাকৈয়ে এই সম্পৰ্কবোৰ গঢ়ি উঠে তেতিয়া দুয়োগৰাকী ব্যক্তিৰেই হৃদয়ৰ পৰা সংকেত আহে। সম্পৰ্কটো নিজে নিজেই আগবাঢ়ে। নভবাকৈয়ে মনৰ কথাবোৰ সন্মুখৰ জনক কৈ দিব পৰা হৈ যাও। তেওঁৱো আমাক তেওঁৰ মনৰ কথাবোৰ ক’বলৈ কুন্ঠাবোধ নকৰে। কিন্তু দুয়োগৰাকী ব্যক্তিৰেই কেতিয়াবা কথাৰ মাজেৰে মুখেৰে ওলাই পৰে “আমাৰ চোন ভাবধাৰা একে”।

অথবা দিনটো কামৰ ব্যস্ততাৰ মাজত যেতিয়া ৰাতি শুবলৈ যাব তেতিয়াও কথা পাতিবলৈ সেই বিশেষ জনকে বিচাৰি পাব।হয় এনেবোৰ সম্পৰ্ক এনেকুৱাই।ইয়াত ইজনৰ আনজনৰ প্ৰতি কোনো আশা, আকাংক্ষা নাথাকে।পোৱা নোপোৱাৰ দোমোজাত থমকি নৰয় এই সম্পৰ্কবোৰ।এই সম্পৰ্ক বোৰে আমাক জীয়াই থাকিব শিকায়। হাঁহিবলৈ শিকায়।এই সম্পৰ্কবোৰত মৰমবোৰ, ভাল লগা, ভালপোৱা বোৰ অব্যক্ত।ইয়াত সন্মান থাকে, প্ৰাৰ্থনা থাকে, বিশ্বাস থাকে। পৃথিৱীৰ প্ৰত্যেক বন্ধুত্ব তথা প্ৰেমৰ সম্পৰ্কবোৰ যদি এনেদৰেই গঢ়ি উঠিল হেঁতেন না বন্ধুত্বৰ বিচ্ছেদ হ’ল হেঁতেন আৰু না প্ৰেমৰ।

🌺লেখিকা – অংকিতা

Leave A Reply