হাজোত সমাজকৰ্মী মনচুৱ আলীৰ মহানুভৱতাঃ ঈদ উপলক্ষে বিতৰণ কৰিলে ৮০০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী

ঈচলাম ধৰ্মালম্বী লোকসকলৰ ভাতৃত্ববোধ এনাজৰী বান্ধোনৰ প্ৰধান উৎসৱ ঈদ। ঈদৰ সময়ছোৱাত ইজনে সিজনক পাৰ্যমানে সহায় কৰি ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা যায়। সমান্তৰালভাৱে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কলিতাকুছি নিবাসী বিশিষ্ট সমাজকৰ্মী মনচুৱ আলীয়ে আজি ৮০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

মনচুৱ আলীয়ে সদৌটি ইছলাম ধৰ্মালম্বী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে অসমবাসী ৰাইজৰ কুশল মংগল কামনা কৰি সকলোকে ইজনে সিজনক সুখে দুখে সহায় কৰি মানৱ ধৰ্ম পালন কৰি যাবলৈ আহ্বান জনায়।

অৱশ্যে দৰিদ্ৰতাই কোঙা কৰা বান বিধস্ত পৰিয়াল সমূহৰ ঈদ উদযাপনত কিছু সকাহ হ’ব বুলিওঁ এইদৰে মানৱ দৰদী সমাজসেৱক মনচুৱ আলীয়ে ৮০০ টা পৰিয়ালক ১০ বিধকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে বুলি ভূয়সী প্ৰসংখ্যা কৰে স্থানীয় ৰাইজ ও সচেতন মহলে ।

Related Articles