Breaking

নিজৰ বিয়া বাতিল কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে

0 2,035

অ’মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বাতিল কৰিলে নিজৰ বিয়া। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ৪১ বছৰীয়া জেচিণ্ডা আৰ্ডেনে দেওবাৰে অৰ্থাৎ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। কোভিড প্ৰটকল অধিক কঠোৰ কৰি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে কয় ”মই এই মুহূৰ্তত বিবাহপাশত আৱদ্ধ নহওঁ।” নিউজিলেণ্ডত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা মাত্ৰ ১০০ জন লোকক এতিয়া যিকোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ’ব। ভিৰৰ সংখ্যা সীমিত কৰাৰ উপৰিও এতিয়া ৰাজহুৱা পৰিবহন আৰু দোকানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। নতুন নিষেধাজ্ঞাসমূহ কমেও অহা মাহৰ শেষলৈকে থাকিব।

এনে ধৰণৰ প্ৰতিবন্ধকতা আৰোপ কৰি তেওঁ কেনে অনুভৱ কৰিছিল বুলি সোধাত আৰ্ডেনে কৈছিল, “এয়াই জীৱন। মই নিউজিলেণ্ডৰ হাজাৰ হাজাৰ লোকৰ পৰা পৃথক নহয় যিসকলে মহামাৰীৰ ফলত যথেষ্ট বিধ্বংসী প্ৰভাৱৰ সন্মুখীন হৈছে।” মহামাৰী আৰম্ভ হোৱাৰ পৰা নিউজিলেণ্ডত ১৫,১০৪ টা কোভিড ঘটনা আৰু ৫২ টা মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছে।

উল্লেখ্য যে জেচিণ্ডা আৰ্ডেনে আনুষ্ঠানিকভাৱে বিয়াত নবহাকৈ ২০১৩ চনৰ পৰা ক্নাৰ্ক গেইফৰ্ড নামৰ এজন পুৰুষৰ সৈতে সহবাস কৰি আছে। ২০১৮ চনত তেওঁ এটি সন্তানৰ মাতৃত্বও অৰ্জন কৰিছে। অৱশেষত তেওঁ ক্নাৰ্ক গেইফৰ্ডৰ সৈতে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হবলৈ আগবাঢ়িছিল যদিও অমিক্ৰণ তথা কৰনা ভাইৰাছে দিলে বিধি-পথালি। পৰিস্থিতি উন্নত নোহোৱালৈকে এই বিয়া স্থগিত থাকিব বুলি ঘোষণা কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে।

Leave A Reply