Breaking

ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

0 2,049

অহা ২৬ ফেব্ৰুৱাৰীত মহামহিম ৰাষ্ট্ৰপতিৰ জীপ ছাফাৰী কাৰ্যসূচীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বাগৰি ৰেঞ্জ আজি পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ আজি বুজ লয় স্বাস্থ্যমন্ত্ৰী তথা অসম চৰকাৰৰ মুখপাত্ৰ কেশৱ মহন্তই। পুৱা ৬ বজাতে বাগৰি ৰেঞ্জত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, ডিএফঅ’ ৰমেশ গগৈ, কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস আৰু মহকুমা আৰক্ষী বিষয়াৰ লগতে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তাৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি ৰেঞ্জ এলেকালৈ মহামহিম ৰাষ্ট্ৰপতিৰ আগমন সম্পৰ্কীয় আয়োজনৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে জীপ ছাফাৰীৰ পথছোৱাৰ শেহতীয়া অৱস্থা পৰিদৰ্শন কৰে।

Leave A Reply