Breaking

‘গধূলি আহিল তৰা জিলিকিল’- অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে গোৱা গীতটিৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত…

0 139

অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে গান গোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শ্বেয়াৰ কৰিছে।

ভাইৰেল ভিডিঅ’টোত অভয়াপুৰীৰ যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী বালিকা হাইস্কুলৰ শিক্ষক মৰমজ্যোতি দাসে ছাত্ৰ-ছাত্ৰীৰ সৈতে ড° নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা এটি বিখ্যাত গীত -‘গধূলি আহিল তৰা জিলিকিল’গাইছে।

মুখ্যমন্ত্ৰী শৰ্মাই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ কথাৰে তথা ৰাণাদাৰ কণ্ঠৰ কালজয়ী মোৰ অতিকৈ আপোন এটি গীতৰ হৃদয়স্পৰ্শী উপস্থাপন। নতুন প্ৰজন্মৰ এই অনুশীলনৰ বাবে খুবেই ভাল লাগিল৷ শিক্ষাৰ্থীসকলক আন্তৰিক শুভকামনা জনালোঁ৷“

আনহাতে,শিক্ষকগৰাকীৰ এই প্ৰচেষ্টাৰ শলাগ লৈ শিক্ষামন্ত্ৰী পেগুৱে টুইট কৰি কয়, “অভয়াপুৰীৰ যোগেন্দ্ৰ নাৰয়ণ সোঁৱৰণী ছোৱালী হাইস্কুলৰ শিক্ষক শ্ৰীমৰমজ্যোতি দাসে প্ৰতি শনিবাৰে এইদৰে ছাত্ৰীসকলৰ মাজত সংগীত চৰ্চাৰ এটি পৰিৱেশ সৃষ্টি কৰাটো প্ৰশংসনীয়। অসমৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়ত বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান এনে বহু শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকেও নিজ নিজ ৰুচি অনুসৰি ক্ৰীড়া, সংগীত আদি চৰ্চা কৰিব পাৰে“।

সামাজিক মাধ্যমতো বহু লোকে শিক্ষকগৰাকীৰ এই পদক্ষেপক শলাগ লৈছে। বিদ্যালয় আৰু শিক্ষকসকলে প্ৰায়ে নিজৰ ছাত্ৰ-ছাত্ৰীক নিয়োজিত কৰি ৰাখিবলৈ সৃষ্টিশীল পদ্ধতি গ্ৰহণ কৰে। শিশুসকলক আকৰ্ষণ কৰা আৰু তেওঁলোকৰ প্ৰতিভা প্ৰকাশৰ বাবে চৰকাৰী বিদ্যালয়সমূহত শনিবৰীয়য়া চৰা কাৰ্যসূচী এনে অন্যতম পদক্ষেপ।

Leave A Reply