Breaking

আজি এই সমূহ অঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ…

0 145

বতৰৰ বাতৰিৰ আপডেটঃ দিল্লী-এনচিআৰকে ধৰি বহু ঠাইত বৰষুণৰ সম্ভাৱনা। আইএমডিৰ তথ্য অনুসৰি দিল্লী এনচিআৰৰ বাহিৰেও তামিলনাডু আৰু কেৰালাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। বৰষুণৰ বাবে প্ৰদূষণৰ পৰা সকাহ পাব। কিন্তু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। বিশেষকৈ উশাহ-নিশাহৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। ইয়াৰ সমান্তৰালকৈ দেশৰ দক্ষিণৰ ৰাজ্য তামিলনাডু আৰু কেৰালাত আজি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, হিমালয়ৰ পশ্চিম অঞ্চলৰ ওপৰত পশ্চিমীয়া অশান্তি দিল্লীৰ দিশে আগবাঢ়িছে আৰু ইয়াৰ বাবেই বৰষুণৰ সম্ভাৱনা বৃদ্ধি পাইছে।


ৰাজস্থানতো হ’ব পাৰে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাৰি কৰিছে সতৰ্কবাণী। বান্দ্ৰা, ভাৰতপুৰ, বুণ্ডী, ঝালাৱাৰ, ছাৱাই মাধোপুৰ, কোটা, উদয়পুৰ জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। এই আটাইকেইখন জিলাতে মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

আনহাতে আগন্তুক ৩-৪ ঘন্টাত মুম্বাই, ৰায়গড়, বীদ আৰু সতৰা জিলাৰ ওপৰত বিচ্ছিন্ন স্থানত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বজ্ৰপাত আৰু সামান্য বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা দুদিনলৈ মহাৰাষ্ট্ৰৰ এই অঞ্চলসমূহত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।


Leave A Reply