Breaking

তামুলপুৰত এগৰাকী পঞ্চলিশোৰ্ধৰ ব্যক্তিৰ যৌন কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া শিশু

0 2,045

কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তামুলপুৰ আছুৰ

বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে মানৱতাক লজ্জানতা কৰা  এক জঘন্য ঘটনা। নিজ সম্পৰ্কীয় এজনী  ৯ বছৰীয়া শিশুক পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি যৌন নিৰ্যাতন চলালে এগৰাকী সম্পৰ্কীয় পঞ্চলিশোৰ্ধৰ লোকে। মানৱতাক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ঝাৰগাৱত । ২৫ জুনত সংঘটিত এই ঘটনা পোহৰলৈ আহে দেওবাৰেহে। জানিব পৰা মতে দেওবাৰে শিশুটি অসুস্থ হৈ পৰাত মাতৃ য়ে সোধাপোছা কৰাৰ পিছতে সকলো কথা পোহৰলৈ আহে। ওচৰৰ পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি ওচৰৰে সম্পৰ্কীয় ব্ৰজেন কলিতা (৪৫)ই শিশুটিক উপৰ্যুপৰি যৌন নিৰ্যাতন চলায়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দেওবাৰে সন্ধিয়া তামুলপুৰ আৰক্ষী থানাত সকলো ঘটনা বিৱৰি এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে শীঘ্ৰে নিজগৃহৰ পৰাই অভিযুক্ত ব্ৰজেন কলিতাক আটক কৰে। ব্ৰজেন ৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত পক্স’ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আজি মুছলপুৰ স্থিত ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।
 দোষী ব্যক্তিক কঠোৰতম শাস্তিৰ দাবী আছুৰ ।সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সন্দৰ্ভত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতকৈ-কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে । ছাত্ৰ সংগঠনটোৱে ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ বাবেও দাবী জনাইজে।

Leave A Reply