আধুনিকতাৰ অঘোষিত প্ৰতিযোগিতাত হেৰাল আধ্যাত্মিকতা। দুৰ্গোৎসৱৰ নামত কোটি কোটি টকা বহিঃৰাজ্যলৈ, বহিঃৰাজ্যৰ শিল্পীয়ে চমক দিব পেণ্ডেলত…

আজি মহালয়া। মাজত মাত্ৰ কেইটামান দিন বাকী শাৰদীয় দুৰ্গোৎসৱলৈ। ইতিমধ্যে মৃৎশিল্পী সকলে শেষ পৰশ দিছে দেৱীৰ মূৰ্তিত। অসমৰ দৰে এখন সমস্যাবহুল ৰাজ্যই দেৱীৰ উৎসৱৰ নামত মুক্তহস্তে উৰুৱাব কোটি কোটি টকা। একাধিক মৃন্ময় মূৰ্তি নিৰ্মানৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা আমদানি কৰা হৈছে খনিকৰ। আলোকসজ্জাৰে চমক দিবলৈকো আলোক শিল্পী আমদানি কৰা হৈছে পশ্চিমবংগৰ পৰা। একেদৰে দেৱীৰ বস্ত্ৰ সম্ভাৰ, অস্ত্ৰ-শস্ত্ৰ সকলো আমদানি কৰা হয় পশ্চিমবংগৰ পৰাই। আনহাতে জনবিশ্বাস অনুসৰি দেৱীৰ মৃন্ময় মূৰ্তি নিৰ্মানৰ বাবে প্ৰয়োজন পতিতালয়ৰ মাটি। সেয়াও অনা হয় পশ্চিমবংগৰ পতিতালয়ৰ পৰা। গুৱাহাটী মহানগৰীত সাতসতাধিক পুজা অনুষ্ঠিত হব।

প্ৰতিখন পুজাৰ বাবে উদ্যোক্তা সকলে ব্যয় কৰিব সৰ্বনিম্ন ১০ লাখ টকাৰ পৰা ২৫ লাখ পৰ্যন্ত। জনসাধাৰণৰ লগতে দৰ্শকক চমক দিবলৈ পুজা মণ্ডপ সমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে মণ্ডপৰ আৰ্হি সমূহো বিভিন্ন মঠ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। আনহাতে একাধিক পুজাই উদযাপন কৰিব সোনালী, হীৰক জয়ন্তী। বহু পুজা উদ্যোক্তাই সজাগতাৰ নামত দেৱীক অত্যাধুনিক ৰূপত উপস্থাপন কৰিব। ইতিমধ্যে পেঁপা,বেলুনকে ধৰি খেলনা সামগ্ৰীৰে ভৰিছে বজাৰ।

সমান্তৰাল ভাবে পকেটমাৰ, চিলনীচোৰৰো ভিৰ বাঢ়িছে বহিঃৰাজ্যৰ পৰা। তৎপৰতা বৃদ্ধি পাইছে আৰক্ষীৰ। অসমৰ দৰে সমস্যাবহুল ৰাজ্য এখনে উৎসৱ পাৰ্বনৰ নামত মুক্তহস্তে উৰুৱাই আহিছে কোটি কোটি টকা। অত্যাধুনিকতাৰ মাজত ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে আধ্যাত্মিকতা। তথাপি ভক্তগণে পৰিয়াল আৰু সমাজৰ উন্নতিৰ বাবে দেৱীৰ চৰণত এগছি বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ বিচাৰিবলৈ সাজু হৈছে । সকলো শুভচিন্তকৰ আশা দেৱীয়ে নাশ কৰক সমাজৰ অসূয়া শক্তিক। আশীৰ্বাদ কৰক এখন সুস্হ ভাতৃত্ববোধৰ সমাজ।

Related Articles