Breaking

কৃষি কৰ্মৰে উজ্বলিছে উচ্চ শিক্ষিত কৃষকনেতা জিতেন বৰাৰ লগতে পত্নী মনিষা বৰা

0 138

ৰাজ্যৰ বিভিন্ন সংগঠনৰ একাংশ নেতাই কেতবোৰ উৎসৰ পৰা সংগ্ৰহ কৰা চান্দাৰ ধনেৰে কোটিপতি হোৱাৰ বিষয়ে সততে ৰাইজৰ মাজত চৰ্চা চলি আহিছে। আনকি একাংশ সংগঠনৰ বিয়াগোম নেতাই সংগঠনৰ বিভিন্ন কাৰ্যসূচীৰ নামত চান্দা সংগ্ৰহ কৰি উদৰস্থ কৰি নিজে অজস্ৰ সা-সম্পত্তিৰ গৰাকী হোৱাৰ লগতে এক বিলাসী জীৱন যাপন কৰি অহাৰ সময়তে নগাঁৱৰ এজন কৃষক নেতাই হাড়ভঙা পৰিশ্ৰমেৰে তেজক পানী কৰি মুৰৰ ঘাম মাটিত পেলাই পথাৰত শাক-পাচলিৰ খেতি কৰি উৎপাদিত শাক-পাচলি বজাৰত নিজেই বিক্ৰী কৰি এক আদৰ্শ দাঙি ধৰিছে।

সম্প্ৰতি শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা এই কৃষক নেতা জনৰ নাম জিতেন বৰা। নগাঁও জিলাৰ কৃষ্ণাইখাটৰ জিতেন বৰাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত মেজৰ সহ স্নাতক ডিগ্ৰী লোৱাৰ পাছ ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) নগাঁও কলেজ কেন্দ্ৰৰ পৰা মাষ্টাৰ অৱ চ’ছিয়েল ৱৰ্ক (MSW) ত স্নাতকোত্তৰ ডিগ্ৰী লয়। উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো তেওঁ চৰকাৰী-বেচৰকাৰী খণ্ডৰ চাকৰিৰ পিছত দৌৰি তথা সময় নষ্ট নকৰি কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলায়।তেওঁৰ নিজা মাত্ৰ বাৰ বিঘাহে মাটি আছে। আনহাতে,এইবাৰ প্ৰথম বাৰৰ বাবে তেওঁ চাৰি বিঘা মাটি আনৰ পৰা। লিজত লৈ কৰি গৈছে বিভিন্ন কৃষিকৰ্ম ৷

তেওঁৰ এই ১২ বিঘা মাটিৰ সাত বিঘা মাটিত শালি ধানৰ খেতি কৰে আৰু তাৰ পৰা ৯৫-১০০ মোন ধান উৎপন্ন কৰে প্ৰতি বছৰত ৷ আনহাতে,বাকী পাঁচ বিঘা আৰু চাৰি বিঘা মাটিত তেওঁ জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলিৰ খেতি কৰি আহিছে ।এই সন্দৰ্ভত জিতেন বৰাই কয়, “মই স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত কতো এদিনো এটা চাকৰি নিবিচাৰিলো। চাকৰিৰ প্ৰতি মনোযোগ নিদিলো ৷ মোৰ দেউতা অঞ্চলৰ এজন আদৰ্শ কৃষক আছিল, গতিকে মোৰো তেজত কৃষকৰ তেজ প্ৰৱাহিত হৈ আছে। সেয়েহে মই কৃষি কৰ্মকে স্বাৱলম্বীতাৰ পথ হিচাপে বাচি ল’লো। মই সাত বিঘা মাটিত শালি ধানৰ খেতি কৰি ৯৫-১০০ মোন ধান লাভ কৰো। আনহাতে,পাঁচ বিঘা মাটিত মই বিভিন্ন বিধ শাক-পাচলিৰ খেতি কৰো। এইসমূহৰ ভিতৰত জাতিলাও, ভেণ্ডি, জিকা,তৰৈ,পেপচিগ্ৰাম,ভোট জলকীয়া,ব’কলি,তৰমুজ,লেচেৰা মাহ,বেঙেনা, বিলাহী,আলু, তিয়ঁহ আদিৰ খেতি কৰি আহিছো।

কিন্তু সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে। এই শাক-পাচলিৰ খেতিত কোনো ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ নকৰে কৃষক নেতা জিতেন বৰাই। কেৱল জৈৱিক সাৰহে প্ৰয়োগ কৰি আহিছে ।”জিতেন বৰাই ফুলগুৰি,বেবেজীয়া,জামুগুৰি আৰু ঘাঁহীৰ বাইপাচ বজাৰত মাটিত বহি ঘৰত উৎপাদিত পাচলি সমূহ বিক্ৰী কৰি আহিছে। নিজেই হাতত দগা-পাল্লালৈ গ্ৰাহকক এই সামগ্ৰী সমূহ বিক্ৰী কৰি আহিছে। পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত বজাৰ সমূহত তেওঁ হাতত দগা-পাল্লা লৈ শাক-পাচলি বিক্ৰী কৰি আহিছে।কোনো দিনাই তেওঁ হীনমান্যতাত ভোগা নাই। বৰঞ্চ চৰম অত্মতৃপ্তিৰে ব্যৱসায় অব্যাহত ৰাখিছে। ঘৰৰ পথাৰত উৎপাদিত শাক-পাচলি বিক্ৰী কৰিয়েই তেওঁ তিনি জনীয়া সংসাৰখন নিয়াৰীকৈ সুন্দৰ ৰূপত চলাই গৈছে। পত্নী আৰু নৱম মান শ্ৰেণীত পঢ়ি থকা একমাত্ৰ পুত্ৰক লৈ চলাই গৈছে তেওঁ লোকৰ এক সুখৰ সংসাৰ। পত্নীয়েই উচ্চ শিক্ষিত স্বামীক কৃষি কৰ্মৰ বাবে উৎসাহিতহে কৰাৰ লগতে নিতৌ পুৱা- বিয়লি পথাৰত স্বামীক কৃষি কৰ্মত সহায় কৰি আৰু অধিক আত্মসন্তুষ্টি লভাৰ কথাহে ব্যক্ত কৰে কৃষক পত্নী মনিষা বৰাই ৷ উচ্চ শিক্ষিত জিতেন বৰাই কৃষি কৰ্মৰে বৰ্তমান সমাজৰ বাবে এক আদৰ্শ হৈ পৰিছে যদিও বৰ্তমানলৈকে তেওঁৰ কাষত ঠিয় দিয়া নাই নগাঁৱৰ বিয়াগোম কৃষি বিভাগ।


জিলা কৃষি বিভাগৰ কাম-কাজত তীব্ৰ অসন্টুষ্টি ব্যক্ত কৰি জিতেন বৰাই কয়,”কৃষি বিভাগটোৱে কৃষক ৰাইজক মুঠেই সহায় কৰিব পৰা নাই। বিভাগটোৱে যি সমূহ আঁচনি গ্ৰহণ কৰিছে সেইবোৰে কৃষকক কোঙাহে কৰিছে। কাৰণ তেওঁ লোকে কৃষক সকলৰ প্ৰাথমিক সমস্যাৰা জী সমূহ বুজি নাপায়। ফচলৰ বতৰ উকলি যোৱাৰ পাছতহে তেওঁ লোক কৃষকৰ কাষ চাপে। ফচলৰ বতৰত কৃষকে বীজ নাপায়।”একাংশ কৃষকে কৃষি বিভাগৰ কথা মতে অধিক উৎপাদনৰ বাবে শষ্যত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ প্ৰয়োগ কৰা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি কৃষক জিতেন বৰাই কয়,”ব্যাপক হাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগে জীৱকূলৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ সলনি ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ প্ৰয়োগ কৰিও অধিক উৎপাদন কৰিব পাৰি।”তেওঁ পথাৰত কেঁচুসাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।উল্লেখ্য যে, জিতেন বৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক।

তেওঁ ২০১১ বৰ্ষৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স’তে জড়িত হৈ আহিছে যদিও ২০১৭ চনৰ পৰা সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে। এটা চৰকাৰী বা বেচকাৰী চাকৰিৰ পিছত দৌৰি হাবাথুৰি খোৱা নিবনুৱা যুৱক সকলক উদ্দেশ্যি বৰাই কয়,”কৃষি কৰ্মৰ জৰিয়তেও এজন যুৱক স্বাৱলম্বী হ’ব পাৰি। কৰ্মৰ কোনো সৰু-ডাঙৰ নাই। নিষ্ঠাৰে কাম কৰিলেহে নিজৰ মৰ্যদা ৰক্ষা হ’ব। “উচ্চ শিক্ষিত জিতেন বৰাৰ বাবে এতিয়া কৰ্মই পৰম ধৰ্ম। তেওঁৰ পথাৰ খনেই এতিয়া তেওঁৰ আশাৰ সম্বল।

পথাৰৰ সেউজীয়া খিনিৰ মাজতেই তেওঁ বিচাৰি পায় চৰম তৃপ্তি। হাড়ভঙা পৰিশ্ৰমৰ মাজতো তেওঁ সংগঠনৰ দায়িত্বও অতি সততা আৰু নিষ্ঠা সহকাৰে পালন কৰি এক আদৰ্শ ডাঙি ধৰিবলৈ সক্ষম হৈছে। কৃষক নেতা জনে লগতে আৰু কয়- একাংশই সততে কোৱা শ্ল’গান পথাৰো আমাৰ বজাৰো আমাৰ এনেই নহব যদিহে আমি হাতে কামে সময়ত কামবোৰ নকৰো ৷ বৰ্তমান সময়ত একো-একোজন শিক্ষিত নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰাৰ লগতে হাজাৰ হাজাৰ নিবনুৱাই বহি:ৰাজ্যলৈ ঢাপলি মেলিছে, সেইটো সময়তে কৃষক নেতা জিতেন বৰা  সকলোৰে বাবে এক প্ৰেৰণাৰো উৎস‌ হিছাপে দেখা দিছে ।

Leave A Reply