‘মামা বহুত হেণ্ডছাম, সঁচাই বহুত ধুনীয়া’ – মামাক দেখা পাই আনন্দত আত্মহাৰা মৰমৰ ভাগিন।Himanta Biswa Sarma

অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarmaক পুনৰ এবাৰ ওচৰৰ পৰা লগ পাই উচ্ছ্বসিত হৈ পৰিল একাংশ ছাত্ৰী। ৰাজ্যজুৰি “মামা-ভাগিন” সম্পৰ্কৰ এক সুকীয়া ছবি পুনৰ দেখা গ’ল সোমবাৰে গুৱাহাটীৰ ৰূপনগৰত।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৱনিৰ্মিত কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ ৰূপনগৰত উপস্থিত হৈছিল। সেই সময়তে মূল প্ৰৱেশদ্বাৰত ৰৈ থকা কেইগৰাকীমান ছাত্ৰীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি মাত দিয়াত তেওঁও নিজৰ বাহন ৰখাই তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

ছাত্ৰীসকলে বিদ্যালয়ৰ কেইবাটাও সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। অভিযোগসমূহ মনোযোগেৰে শুনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ধেমালিৰ সুৰত কয়, “অহাবাৰৰ পৰা মেট্ৰিক পৰীক্ষা একেবাৰে সহজ কৰি দিম।” মুখ্যমন্ত্ৰীৰ এই মন্তব্যত হাঁহিৰ ৰোল উঠে ছাত্ৰীসকলৰ মাজত।

ইয়াৰ পিছতে এগৰাকী ছাত্ৰীয়ে আনন্দ প্ৰকাশ কৰি কয়, “মামা বহুত হেণ্ডচাম আছে, মামা সঁচাই বহুত ধুনীয়া।” এই মন্তব্যই উপস্থিত সকলোকে আমোদ দিয়ে।

ইফালে, মুক্তিযুঁজাৰু সন্মিলনৰ অনুষ্ঠানলৈ যোৱাৰ পথতো কেইগৰাকীমান কণমানিয়ে মুখ্যমন্ত্ৰীক আগুৰি ধৰে। ৰূপনগৰৰ Prachya Vidya Niketanৰ ছাত্ৰীসকলেও বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ কথা দাঙি ধৰে। মুখ্যমন্ত্ৰীয়েও মৰমেৰে তেওঁলোকৰ বক্তব্য শুনি সমস্যাসমূহ সমাধানৰ দিশত ইতিবাচক আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ শিশু-কিশোৰসকলৰ মাজত গঢ় লৈ উঠা “মামা-ভাগিন” সম্পৰ্ক এতিয়া অসমৰ এক পৰিচিত ছবি। ৰাজ্যৰ যিকোনো প্ৰান্তলৈ গ’লেই কণমানি আৰু শিক্ষাৰ্থীসকলৰ সৈতে তেওঁৰ এনেধৰণৰ আন্তৰিক সাক্ষাৎ প্ৰায়ে দেখা যায়। এই দৃশ্যই পুনৰ এবাৰ জনসাধাৰণৰ মাজত চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে।

Related Articles