Breaking

হোজাই মোৰাঝাৰত মানৱ সমাজক লজ্জিত কৰা ঘটনা

0 2,057

হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত দেৱস্থান গাঁৱৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীয়ে যোৱা বৃহস্পতি বাৰে এটা পুত্ৰ সন্তান জন্ম দিয়ে। যিহেতু কিশোৰী গৰাকী নাবালক অ-বিবাহিত তেনে স্থলত কিশোৰী গৰাকীৰ ঘৰত সন্তান জন্ম লোৱাত অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হোৱাত কিশোৰী গৰাকীক এই বিষয় শুদ-পোছ কৰাত ছোৱালী গৰাকীৰ মুখৰ পৰা এই সন্তানটিৰ পিতৃ মিনহাজ উদ্দিন নামৰ এজন ফেচবুক সাংবাদিকৰ নাম কয়। কিশোৰী গৰাকীয়ে কোৱা মতে  মিনহাজে আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বৰে পৰা ভূৱা প্ৰেমৰ প্ৰলোভন দি অবৈধ বাবে শাৰীৰিক সম্পৰ্ক কৰি তাইক এই অবৈধ মাতৃৰ বুজা জাপি দিলে। কিছুমানে আকৌ এই বিষয়টো লৈ কিশোৰী গৰাকীযক  আইনৰ আশ্ৰয় লোৱাত বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰিছে। যোৱা কালি হোজাই জিলা আইন সেৱা প্ৰাধিকাৰণৰ  এটা প্ৰতিনিধি দলে এই কিশোৰী গৰাকীৰ ঘৰ পৰিদৰ্শন কৰি সম্পূৰ্ণ আইনী সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস দিয়ে। মোৰাঝাৰ আৰক্ষী চকীত এখন এজাহাৰ প্ৰদান কৰিলে। মিনহাজে এই বিষয় সম্পূৰ্ণ অস্বীকাৰ কৰিলে। পুলিচৰ সঠিক তদন্তত প্ৰকৃত সত্য পোহৰলৈ আহিব।

Leave A Reply