Breaking

হোজাই মহকুমাক পুনৰ জিলাৰ মৰ্যদা ঘুৰাই আনুষ্ঠানিক জিলা ঘোষণা…

0 84

হোজাইত পৰিবহন, মীন তথা অভিভাৱক মন্ত্ৰীপৰিমল শুক্লবৈদ্য
*হোজাই মহকুমাক পুনৰ জিলাৰ মৰ্যদা ঘুৰাই আনুষ্ঠানিক জিলা ঘোষণা।

যোৱা ১৭চেপ্তেম্বৰত হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক আৰম্বৰপূৰ্ণ সভাত হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ পৰিবহন, মীন মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যদেৱ উপস্হিত থাকি অসম চৰকাৰৰ এক অধিসুচনা অনুসৰি হোজাই মহকুমাক আনুষ্ঠানিকভাৱে পুনৰ জিলাৰ মৰ্যদা ঘুৰাই প্ৰদানৰ ঘোষণা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী গৰাকীয়ে ফিটা কাটি পূৰ্বৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টিক নতুন নামাকৰণেৰে জিলা আয়ুক্তৰ কাৰ্যালয় হিচাবে এখন ফলকৰে উদ্বোধন কৰে।

এই অনুষ্ঠানতে নৱনিযুক্ত জিলা আয়ুক্ত হিচাবে দায়িত্ব অৰ্পন কৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত হোজাইৰ মহকুমাধিপতি শ্ৰীলাচিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰি জিলা আয়ুক্ত গৰাকীয়ে তেখেতক অৰ্পন কৰা গধুৰ দায়িত্ব ও কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাব বুলি সভাত মন্ত্ৰী গৰাকীক আশ্বাস দিয়ে। লগতে তেখেতে এইচেগতে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী শ্ৰীপৰিমল শুক্লবৈদ্যই তেখেতৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে হোজাইবাসীক হোজাই জিলাৰ মৰ্যদা পুনৰ ঘুৰাই দিয়াই নহয়, জিলাৰ উপায়ুক্তক বিশেষ ক্ষমতা প্ৰদানেৰে জিলা আয়ুক্ত হিচাবে নিযুক্তি দিয়াত হোজাইবাসীৰ হৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰে।

সভাত উপস্হিত বিধায়ক সকলেও হোজাইক পুণৰ জিলাৰ মৰ্যদা ঘুৰাই দিয়াত সন্তুষ্টি প্ৰকাশ কৰি বক্তব্য দিয়ে।অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে সভাত উপস্হিত থাকে জিলাখনৰ তিনিওটা সমষ্টিৰ বিধায়ক যমুনামুখৰ ( বিনাকান্দি) চিৰাজুদ্দিন আজমল, হোজাইৰ ৰামকৃষ্ণ ঘোষ আৰু লামডিংৰ শিবু মিশ্ৰ, প্ৰশাসনিক বিষয়া সকল, বিশিষ্ট ব্যক্তি, বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদসেবী সকল।।

Leave A Reply