Breaking

অসমীয়া আৰক্ষী বিষয়াক গৃহমন্ত্ৰালয়ৰ পদক। কৰ্মনিষ্ঠাৰে জিলিকিল শংকৰব্ৰত ৰায় মেধি…

0 26

নিষ্ঠা আৰু একাগ্ৰতাৰে দেশত জিলিকিল এগৰাকী অসমীয়া আই পি এছ বিষয়া। নতুন দিল্লীত আয়োজিত সন্ত্ৰাসবিৰোধী সন্মিলনত এই গৰাকী আই পি এছ বিষয়া শংকৰব্ৰত ৰায় মেধিক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পদক প্ৰদানেৰে সন্মানিত কৰে। উল্লেখযোগ্য যে ২০২১ চনত দক্ষিন ভাৰতত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ বিৰুদ্ধে দিয়া নেতৃত্বৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে পদক প্ৰদান কৰে।

উল্লেখ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক হৈ কাৰ্যনিৰ্বাহ কৰা সময়তো গৃহমন্ত্ৰালয়ৰ পৰা পাৰদৰ্শিতাৰ পদকেৰে সন্মানিত হৈছিল ৰায় মেধি। বটদ্ৰবাৰ এক ধৰ্ষন কাণ্ডৰ চাৰ্জশ্বিট সোনকালে আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল আৰক্ষী বিষয়া গৰাকী। আনকি তেওঁৰ কাৰ্যকালত বাগৰি আৰু বুঢ়াপাহাৰ অঞ্চলত গড় হত্যাৰ ঘটনা শূন্য হৈ পৰিছিল। যাৰ বাবে সকলোৱে তেওঁক শ্ৰদ্ধা আৰু সন্মান কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ পৰা পদক পাই সন্মানিত হোৱা ৰায় মেধি প্ৰথম গৰাকী অসমীয়া আৰক্ষী বিষয়া। নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা সময়তে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সন্হা চমুকৈ নিয়াত যোগদান কৰা শংকৰব্ৰত ৰায় মেধি সম্প্ৰতি নিয়াত কৰ্মৰত।

Leave A Reply