মুখ্য-পৃষ্ঠা

C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

দেশৰ শক্তি ক্ৰমাৎ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাৰতৰ শক্তি বৃদ্ধিৰ আন এক নাম হ’ল চি-২৯৫ বিমান(C-295 Aircraft)। যিখন বিমান এতিয়াৰে পৰা বদোদৰাত নিৰ্মাণ কৰা হ’ব।

Mrs. India Galaxy 2024: অসম জীয়াৰী ৰিণিমালৈ মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪ খিতাপ

'মিছেছ ইণ্ডিয়া গেলেক্সী ২০২৪' খিতাপ অসমৰ ৰিণিমা বৰা আগৰৱাললৈ(Mrs. India Galaxy 2024)। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া আই এন চি ২০২৪ চীজন - ৫ত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ জীয়াৰী ৰিণিমা বৰা আগৰৱালাই।

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

Census । জাতিগত লোকপিয়লৰ দাবীত অটল কংগ্ৰেছ

ভাৰতত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত হয় যদিও নানান কাৰকৰ বাবে শেহতীয়াকৈ লোকপিয়ল (Census) দহ বছৰৰ মূৰত অনুষ্ঠিত কৰিব পৰা হোৱা নাই। কিন্তু শেহতীয়া এক খবৰ অনুসৰি বহু বিলম্ব ঘটাৰ অন্তত এতিয়া চৰকাৰে লোকপিয়ল কৰিবলৈ সাজু হৈছে।

Pabitra Margherita । গুৱাহাটীত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ভাৰতৰ ৰেচম খণ্ডৰ উন্নতিৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ বাৰ দোহাৰিলে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী আজি কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন (এমইএছএছঅ') পৰিদৰ্শন কৰে।( Pabitra Margherita) সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু তামিলনাডুত ইয়াৰ ১৩ টা ক্ষেত্ৰ গোটৰ নেটৱৰ্কৰ সৈতে এমইএছএছঅ' হৈছে উচ্চ মানসম্পন্ন ৰ মুগা আৰু এৰি ৰেচম পলু বীজ উৎপাদনৰ এক উল্লেখনীয় সংস্থা। এই সংস্থাই ৰেচম খণ্ডৰ বিকাশ আৰু উদ্ভাৱনীমূলক কৰ্মৰ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Popular