মুখ্য-পৃষ্ঠা

Horoscope Today: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

১৫ অক্টোবৰ, মঙলবাৰ - আজি কুম্ভ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত আপোনাৰ ৰাশিত কেনে প্ৰভাৱ পৰিব ? পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল(Horoscope Today)...

Srimanta Sankardev’s Borgeet: সিংহলী ভাষাত পৰিৱেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত

অসম সন্তান অংকুৰণ দত্তৰ প্ৰশংসনীয় প্ৰয়াস । সিংহলী ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'নাৰায়ণ কাহে ভকতি কৰো তেৰা’ শীৰ্ষক বৰগীতটি পৰিৱেশন (Srimanta Sankardev's Borgeet)।

Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।

RSS chief Mohan Bhagwat। সমাজৰ সকলো বৰ্গ আৰু ব্যক্তি কুটুম্ব মিত্ৰতা হ’ব লাগিব- ডা: মোহন ভাগৱত

RSS chief Mohan Bhagwat। সমাজ সুস্থ আৰু সবল স্থিতিৰ প্রথম চৰ্তই হল সামাজিক সমৰসতা তথা সমাজৰ বিভিন্ন স্তৰৰ পৰম্পৰ সদ্ভাৱ। কিছুমান সঙ্কেট সূচক কার্য্যক্রম মাত্র কৰিলেই এই কাম সম্পন্ন নহয়। সমাজৰ সকলো বর্গ আৰু ব্যক্তি কুটুম্ব মিত্রতা হব লাগিব। এই প্রচেষ্টা আমি আটায়ে ব্যক্তিগত তথা পাৰিবাৰিক স্তৰৰ পৰা কৰিব লাগিব। পৰস্পৰ পর্ব প্রসঙ্গত সকলোৰে সহভাগিতাৰ সৈতে সম্পূর্ণ- সমাজৰ পর্ব প্রসঙ্গ হৈ পৰিব লাগে। 'সার্বজনীন ব্যবহাৰৰ ক্ষেত্রত অথবা শ্রদ্ধা স্থলীত যেনে মন্দিৰ, পানী, শ্মশান আদিত সমাজৰ সকলো বর্গকে সহভাগী হোৱাৰ বাতাবৰণৰ সৃষ্টি কৰিব লাগে। যেনেদৰে পৰিয়ালত সামর্থ্যবান জনে দূর্বল জনৰ প্রতি অধিক সুবিধা প্রদান, কেতিয়াবা কেতিয়াবা নিজক লোকচান কৰিও কৰে, তেনেদতে আপোনত্বৰ দৃষ্টিকে এনে আবশ্যকতাৰ বিবেচনা হব লাগে। এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা:মোহন ভাগৱতৰ ৷

Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

বোমা বিস্ফোৰণৰ ভাবুকিৰ পৰিপেক্ষিতত মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ AI119 নম্বৰৰ বিমানখনক সোমবাৰে পুৱাই দিল্লীলৈ ঘূৰাই অনা হয়(Bomb threat on Air India flight)।

Popular