Breaking

লকডাউনৰ মাজতে সৰুপথাৰত দিন দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড : অভিযুক্ত চঞ্জু আলীক গ্ৰেপ্তাৰ

0 67

ধনশিৰি

 লকডাউনৰ মাজতে সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে লোহমৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ চাৰি-পাঁচজনীয়া দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান (৩১) নামৰ এজন যুৱকৰ মৃত্যু ঘটাৰ লগতে আকবৰ খান (২৮) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়৷ ঘটনৰা বিৱৰণী মতে সোমবাৰৰ বিয়লি প্ৰায় ৩ বজাত সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা দুই ভাতৃক ৪-৫জনীয়া দুৰ্বৃত্তৰ দল এটাই ডেগাৰ খুকুৰী আদি চুকা অস্ত্ৰৰে হানী খুচী গুৰুতৰভাৱে আঘাত কৰে৷ দূৰ্বৃত্তৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুইজনকে সৰুপথাৰ সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ নিয়া হয়৷ সৰুপথাৰ চিকিৎসালয়ত চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি গুৰুতৰভাৱে আহত নকচু আৰু আকবৰ দুয়োজনকে উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ কুঁশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ জানিব পৰা মতে উচ্চ চিকিৎসাৰ বাবে গোলাঘাটলৈ লৈ যোৱা পথত নকচু খান নামৰ যুৱকজনৰ মৃত্যু ঘটে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন যুৱক নকচু খানৰ ভাতৃ সংকটজনক অৱস্হাত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ আক্ৰমণকাৰী দূৰ্বৃত্তৰ দলটোৰ চঞ্জু আলীক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷ ধৃত দূৰ্বৃত্তটোৰ ঘৰ সৰুপথাৰ নগৰৰ তিনি নং ৱাৰ্ডৰ আৰু হত্যাকাণ্ডটোত নিহত হোৱা নকচু খানৰ ঘৰৰ সমীপতে বুলি জানিব পৰা গৈছে৷ ঘটনাৰ সন্দৰ্ভত চঞ্জ আলীৰ লগতে অন্য এজন যুৱককো কৰায়ত্ত কৰিছে বুলি জানিব পৰা গৈছে৷ ঘটনাৰ তদন্তৰ বাবে ধৃত চঞ্জুৰ সৈতে আটক কৰা যুৱকজনৰ নাম বৰ্তমানে প্ৰকাশ কৰা নাই৷ অন্যকেইজন দূৰ্বৃত্তকো বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এই হত্যাকাণ্ডৰ মূখ্য অভিযুক্ত চঞ্জু আলী বুলি স্হানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ঘটনাৰ মূখ্য অভিযুক্ত চঞ্জু আলীৰ ভাষ্য অনুযায়ী তদন্তকাৰী সৰুপথাৰ আৰক্ষীয়ে পাৰিবাৰিক সংঘাতৰ পৰিণতিত এই লোহমৰ্ষক হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰে৷ দিনদুপৰতে সংঘটিত এই লোহমৰ্ষক হত্যাকাণ্ডটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে দূৰ্বৃত্তৰ দলটোৱে হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন চুকা অস্ত্ৰ উদ্ধাৰ কৰিছে৷ হত্যাকাণ্ডটোত জড়িত বাকী কেইটা দূৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে৷ 

Leave A Reply