Breaking

উত্তপ্ত চুবুৰীয়া ৰাজ্য মেঘালয়: মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ দুৰ্বৃত্তৰ

0 1,569

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়। ৰাজ্যখনৰ কেইবাঠাইটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত অৱশেষত ৰাজ্যখনত সান্ধ্য আইন বলবৎ কৰা হয়। কিন্তু সান্ধ্য আইন চলি থকাৰ মাজতে দেওবাৰে নিশা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই।দেওবাৰে নিশাৰ ভাগত অচিনাক্ত দুৰ্বৃত্তৰ দলে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ নিক্ষেপ কৰে পেট্ৰ’ল বোমা। সুভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই তেওঁৰ ব্যক্তিগত বাসগৃহত নাছিল কোনো লোক।কিন্তু বিগত ২৪ ঘণ্টা ধৰি সান্ধ্য আইনৰ মাজতে সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা।উল্লেখ্য যে দেওবাৰে নিশা ৮ বজাৰ পৰা ১৭ আগষ্টলৈকে সমগ্ৰ ৰাজ্যখনতে সান্ধ্য আইন ঘোষণা কৰা হৈছে। অগ্নিসংযোগৰ বাতৰিৰ পিছতে ৰাজ্যখনৰ কেইবাঠাইতো মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। আৰক্ষীয়ে সোমবাৰে জনোৱা মতে, কাৰফিউৰ সময়ত শ্বিলঙৰ মাওলাই অঞ্চলত প্ৰতিবাদকাৰীসকলে চিআৰপিএফ জোৱান কঢ়িয়াই নিয়া এখন বাহনত আক্ৰমণ চলাইছিল, যাৰ ফলত নিৰাপত্তাৰক্ষীয়ে জনতাক ছত্ৰভঙ্গ কৰাৰ বাবে মৃদু বল প্ৰয়োগ কৰিছিল। ৰাজ্য চৰকাৰে শ্বিলঙত কাৰফিউ জাৰি কৰিছে আৰু কমেও চাৰিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছে, কিয়নো এজন প্ৰাক্তন উগ্ৰপন্থীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ ৰাজধানী আৰু ওচৰৰ অঞ্চলসমূহত ভাংচুৰ আৰু অগ্নিসংযোগে জোকাৰি গৈছিল।

Leave A Reply