Breaking

কিমান নিষ্ঠুৰ হলে এগৰাকী মাতৃয়ে জন্ম হোৱাৰ পাছতেই নিজ সন্তানক দলিয়াই দিব পাৰে দলঙৰ পৰা

0 2,028

দলগাঁৱত সংগতি হৈছে এইটো অমানৱীয় কাণ্ড।নিজ স‍দ‍্যোজাত সন্তানক দলিয়াই থৈ যায় পৃতি-মাতৃয়ে।দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী টাংনী দলঙৰ তলত নৱজাতক শিশুটিৰ মৃতদেহটো প্ৰত‍্যক্ষ কৰে স্থানীয় ৰাইজে।আৰু তাৰ পিছতেই হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ।ইতিমধ্যে আৰক্ষী শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মাৰণোওৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ কৰিছে।কোনো পৃতি-মাতৃয়ে হয়তো নিজৰ কলংক ঢাকিবৰ বাবে স‍দ‍্যোজাত দেৱ শিশুটিক এনেদৰে পলাই থয় যোৱাৰ সন্দেহ স্থানীয় লোকৰ।শিশুটিৰ হাতত থকা এখন এখন কাজগৰ ভিত্তিত জানিব পৰা গৈছে শিশুটি এটি লৰা সন্তান।ফেব্ৰুৱাৰী 2 তাৰিখে জন্ম পাইছিল এই দুৰ্ভগীয়া শিশুটি।মানৱ সমাজক লজ্জানত কৰা উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল‍‍্যই বিৰাজ কৰিছে।

Leave A Reply