Breaking

মাংস কেনেকৈ বেছিব?

0 2,039

মাংস কেনেকৈ বেছিব? বৰপেটা ৰোডত প্ৰশাসনৰ উদ্যোগত সজাগতা সভা   । এখন বজাৰে সেই অঞ্চলটোৰ সভ্যতা, সংস্কৃতিক প্ৰতিফলিত কৰে। আমাৰ ৰাজ্যখনৰ মাছ-মাংসৰ বজাৰবোৰ যি সভ্যতাক প্ৰতিফলিত কৰে সেয়া অতি নিকৃষ্ট মানৰ। আজি বৰপেটা ৰোডত মাংস বিক্ৰেতা সকলৰ বাবে পৌৰ সভা আৰু পশুপালন বিভাগৰ দ্বাৰা আয়োজন কৰা এখন সজাগতামূলক সভা মুকলি কৰি দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই দৰে কয়। তেওঁ কয় যে, মাছ-মাংসৰ দোকান সমূহ সম্ভৱত: অসমতেই আটাইতকৈ বিশৃঙ্খল আৰু অপৰিস্কাৰ। এইবোৰে কেবল আমাৰ সমাজৰ ভাৱমূৰ্তিয়েই নষ্ট নকৰে, সামাজিক স্বাস্থ্যৰো ভীষণ ক্ষতি সাধন কৰে। সেয়েহে তেওঁ সকলোকে চৰকাৰী নিয়ম-শৃংখলা মানি চলি আৰু স্বাস্থ্য সন্মতভাবে পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই মাংসৰ ব্যৱসায় চলাবলৈ আহ্বান জনায়। বৰপেটা ৰোড পৌৰসভাৰ আলোচনা কক্ষত বৰপেটা ৰোড আৰু হাউলী পৌৰবজাৰৰ মাংস বিক্ৰেতা সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই সভাখনত হাউলী পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাই দিয়া ভাষণত কয় যে, অনুজ্ঞাপত্ৰ অৱিহনে মাছ-মাংস বিক্ৰী কৰা বিক্ৰতা সকলৰ বিৰুদ্ধে এতিয়াৰে পৰা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জিলা পশু চিকিৎসা তথা পশুপালন বিষয়া ডা: প্ৰবীন কুমাৰ দাসে মাংস বিক্ৰিৰ ক্ষেত্ৰত পালনীয় কৰ্তব্য সমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, কোনো ব্যস্ত পথৰ দাঁতিত মাংসৰ দোকান থাকিব নোৱাৰে। দোকানবোৰৰ সন্মূখভাগ আইনাৰে আবৃত হ’ব লাগিব আৰু ভিতৰত পৰ্যাপ্ত ফেনৰ ব্যৱস্থা থাকিব লাগিব। দোকানীয়ে মজুত থকা মাংসৰ দাম আৰু পৰিমাণ জনাই বাহিৰত চকুত লগাকৈ আৰি দিব লাগিব। সভাত বৰপেটা ৰোড পশু চিকিৎসালয়ৰ চিকিৎসক ডা: হিমাংশু হাজৰিকা আৰু পাটবাউসী চিকিৎসালয়ৰ চিকিৎসক ডা: ভূমিধৰ দাসেও বিক্ৰেতা সকলে পালন কৰিব লগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ বাবে পালনীয় কৰ্তব্যৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জিলাখনৰ মাংসৰ বজাৰৰ অস্বাস্থ্যকৰ অৱস্থাৰ উন্নয়ন সাধন কৰাৰ বাবে হাতত লোৱা ব্যৱস্থাৰ অংশ হিচাপেই আজিৰ এই সজাগতা সভাখন প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হয়। ইয়াৰ পূৰ্বে বৰপেটা চহৰ আৰু ইয়াৰ আশে-পাশে থকা মাংসৰ দোকান সমূহ দণ্ডাধীশৰ দ্বাৰা পৰিদৰ্শন কৰাই বুজন পৰিমাণৰ জৰিমণাও বিহা হৈছিল। বিক্ৰেতা সকলৰ অজ্ঞতাৰ বাবেই এনে অস্বাস্থ্যকৰ অৱস্থা চলি থকাটো অনুধাৱন কৰিয়েই তেওঁলোকৰ বাবে এনেদৰে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। জিলা জনসংযোগ বিষয়াই জনোৱা মতে বৰপেটা চহৰ, সৰ্থেবাৰী আৰু কলগাছিয়াতো এনে এদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

Leave A Reply