Breaking

ৰহমৰীয়াত চাউল নোপোৱাত বিশাল ৰাজহুৱা সভা

0 72

লাহোৱালৰ ৰহমৰীয়াত তিনিমাহৰ সুলভ মূল্যৰ চাউল নোপোৱাৰ সন্দৰ্ভত বিশাল ৰাজহুৱা সভা।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সুলভ মূল্যৰ চাউল ৰহমৰীয়া মৌজাৰ দুখন গাঁও পঞ্চায়ত ক্ৰমে ফুকনৰখাত গাঁও পঞ্চায়ত আৰু ৰহমৰীয়া গাঁও পঞ্চায়তৰ ৰাইজে তিনিমাহে চাউলৰ পৰা বঞ্চিত হৈ আহিছে।

ৰহমৰীয়া সমবায় সমিতিৰ চেয়াৰমেন প্ৰাঞ্জল প্ৰতীম বৰুৱা আৰু সচিব টুলেশ্বৰ গোহাঁই সুলভ মূল্যৰ চাউল হৰলুকি কৰা অভিযোগত বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে।

২০২২ৰ ছেপ্টেম্বৰ, ২০২৩ৰ মে’ আৰু জুন মাহৰ তিনিমাহে চাউলৰ পৰা বঞ্চিত সৰ্বসাধাৰণ ৰাইজে চেয়াৰমেন আৰু সচিবৰ লগতে সমানে জগৰীয়া কৰিছে এজেন্ট সকলকো।

দুস্কৃতিকাৰীক উচিত শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে।

ডিব্ৰুগড় জিলা যোগান বিভাগক ৪৭৭৫টা পৰিয়ালক অতিশীঘ্ৰে তিনিমাহৰ সুলভ মূল্যৰ চাউলখিনি দিবলৈ দাবী জনাইছে ৰাইজে।

এই তিনিটা মাহৰ চাউলৰ মূল্য ৫০ লাখ টকাতকৈ অধিক বুলি জানিব পৰা গৈছে।

Leave A Reply