Breaking

মানৱ উত্থান সেৱা সমিতিৰ সদভাৱনা সৎসঙ্গ সমাৰোহ সম্পন্ন

0 1,559

বিশ্ববিখ্যাত আধ্যাত্মিক আৰু সামাজিক সংস্হা “মানৱ উত্থান সেৱা সমিতি”ৰ মৰিয়নি শাখাৰ সৌজন্যত ১০জুলাইত যোৰহাট জিলাৰ কাটনিবাৰী স্হিত দুৰ্গা মন্দিৰত উলহ-মালহেৰে সদভাৱনা সৎসঙ্গ সমাৰোহ উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰাৰ পাছতে মৰিয়নি নগৰত এক বিশাল সদভাৱনা শোভাযাত্ৰা উলিওৱা হয়।

শোভাযাত্ৰাৰ অন্তত দুৰ্গা মন্দিৰত আয়োজিত সদভাৱনা সমাৰোহত মহাত্মা অখিলানন্দদেৱ, সবৰী বাঈ, “মানৱ ধৰ্ম” আলোচনীৰ সম্পাদক নদলি ৰুহিদাসে আধ্যাত্মিক তত্ত্বগধূৰ ভাষণেৰে সকলোকে মুগ্ধ কৰে ৰাখে। বিশিষ্ট সমাজসেৱক বিজয় বাক্তি, সাংবাদিক পংকজ কুমাৰ দাস আদি ভালেকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত বিৰু তাঁতী,স্বপ্না খাৰীয়াৰ অসমীয়া,হিন্দী,আদিবাসী বিভিন্ন ভাষাত পৰিৱেশন ভজনে উপস্হিত হেজাৰোধিক ৰাইজৰ মন মুগ্ধ কৰে।

উল্লেখ্য যে মানৱ ধৰ্মৰ প্ৰণেতা তথা বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু সতপালদেৱ মহাৰাজৰ প্ৰেৰণাৰে গুৰু পূৰ্ণিমাৰ লগত সংগতি ৰাখি আয়োজিত সদভাৱনা সৎসঙ্গ সমাৰোহে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক জনজাগৰণৰ সৃষ্টি কৰে।

Leave A Reply