Breaking

আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ উনবিংশতম মৃত্যু দিৱস পালন

0 1,574

প্ৰতি বৰ্ষৰ দৰে এইবেলিওঁ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অসমীয়া সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ উনবিংশতম মৃত্যু দিৱস বিভিন্ন কাৰ্যসুচীৰে কটন এলুমিনি প্ৰেক্ষাগৃহত পালন কৰা হয়৷
কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২০২১ বৰ্ষৰ আদৰ্শ জননী বটা আৰু অমৃত প্ৰবাহ সাংবাদিকতা বটা যথাক্ৰমে বিশিষ্ট সমাজকৰ্মী মীনা ভুঞা আৰু বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰা হয়৷প্ৰশান্ত ৰাজগুৰুৰ সাময়িক অসুস্থতাৰ বাবে প্ৰাগ পৰিয়ালৰ হৈ নৱনীতা কলিতাই বটা গ্ৰহণ কৰে আৰু ৰাজগুৰুৰ টেলিফোনিক ভাষন আনুস্থানিকভাবে প্ৰচাৰ কৰে৷

অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে কাকতখনৰ বিশেষ সংখ্যা উন্মোচন কৰে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগৰ সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ নীৰা গগৈ সোনোৱাল আৰু সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ দেৱজ্যোতি হাজৰিকাই৷
উন্মোচিত ভাষনত নীৰা গগৈ সোনোৱাল আৰু দেৱজ্যোতি হাজৰিকাই এনে গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানাৰ লগতে আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ পদক্ষেপক ভুয়সী প্ৰসংশা কৰে৷


সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৭০জন লোকক ২০২১ বৰ্ষৰ বিশেষ ব্যক্তি বিশেষ সন্মান প্ৰদান কৰা হয় যদিও উপস্থিত থাকি বটা গ্ৰহন কৰে ক্ৰমে নৱনীতা কলিতা,ববিতা শৰ্মা,ড°মৌচুমী বৰদলৈ,ড°নিৰদা দেৱী,বিনয় কলিতা,বিবেক জাভাৰ,কনকন দাস,অমৰ কাশ্যপ,উৎপল দাস,বিকাশ শৰ্মা,বিমল ভূষণ মহন্ত,মানসপ্ৰতিম নাথ,জ্যোতিষ শইকীয়া,দেৱৰাজ কলিতা,সুনীল কলিতা,ৰঞ্জিতা ৰাভা,অৰবিন্দ কলিতা,গিৰীশ মল্ল বৰুৱা,বিজিত প্ৰদীপ দাস,অনিল শৰ্মা,দেবাশীষ শৰ্মা,নীৰা গগৈ সোনোৱাল,গমে থাপা,পাপু খান,দিগন্ত বড়া,ড°লক্ষী দাস পাঠক,মনালিছা দাস,প্ৰশান্ত বুঢ়াগোহাঁই,ভুৱনেশ্বৰ শৰ্মা,গোপী বড়ো,ধনেশ্বৰ কলিতা,ৰতি মোহন নাথ,হেমন্ত কুমাৰ বড়া, সুশান্তবিশ্ব বিশ্ব শৰ্মা আৰু বিদ্যুত মজুমদাৰে৷
দৰ্শনা বৰুৱাই আত ধৰা অনুষ্ঠানত অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক,পদ্মশ্ৰী ড°সূৰ্য হাজৰিকা,অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃনালিনী দেৱী,অমৰ কাশ্যপ আৰু সভাপতি কৈলাশ শৰ্মাই বক্তব্য প্ৰদান কৰে৷
শেষত অ মোৰ আপোনাৰ দেশ আৰু কৈলাশ শৰ্মাৰ মাউথাৰ্গেন বজায় ৰাষ্ট্ৰীয় সংগীতৰে সভাৰ অন্ত পৰে৷৷

Leave A Reply