Breaking

“এজন প্ৰশাসনিক বিষয়া হ’বলৈ নিজৰ আভ্যান্তৰিণ ফিৰিঙতি চিনাক্ত কৰা’ -কটনিয়ানলৈ এই আহ্বান ভাৰত ভূষণ দেৱ চৌধুৰীৰ

0 109

“প্ৰশাসনিক বিষয়া হ’বলৈ কেৱল কঠোৰ অধ্যয়ন কৰাই যথেষ্ট নহয়। নিজৰ দক্ষতা বা আভ্যন্তৰীণ কাৰণ চিনাক্ত কৰিব লাগিব যিয়ে লক্ষ্য প্ৰাপ্তিৰ দিশত কাম কৰি থাকিবলৈ প্ৰৰোচিত কৰে”। আজি কটন বিশ্ববিদ্যালয়ত ‘এপিএছচিৰ দ্বাৰা পৰিচালিত পৰীক্ষা’ সন্দৰ্ভত অনুষ্ঠিত এক সজাগতা কৰ্মশালাত মুখ্য বক্তা হিচাপে ভাষণ দি অসম লোক সেৱা আয়োগৰ (এপিএছচি) অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে এই কথা ব্যক্ত কৰে।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (কেবিআৰ) প্ৰেক্ষাগৃহত অসম লোক সেৱা আয়োগৰ (এপিএছচি) সহযোগত বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰই (চিবিচি) এই কৰ্মশালাৰ আয়োজন কৰে৷


তেওঁ ভাষণত গুৰুত্ব আৰোপ কৰে যে, শিক্ষাৰ্থীসকলে অধ্যয়নৰ লগতে তেওঁলোকে ভাল পোৱা সকলোবোৰ কৰিব লাগে। প্ৰশাসনিক সেৱাত কেৰিয়াৰ হৈছে আৰ্থিকভাৱে লাভজনক আৰু চাকৰিটোৰ বহুমাত্ৰিক প্ৰকৃতিয়ে ব্যক্তিত্ব বিকাশও কৰে। এজন ভাল প্ৰশাসনিক বিষয়াৰ ভাষাৰ দক্ষতা আৰু মানুহৰ প্ৰতি সহানুভূতিশীল হোৱাটো উচিত। তেওঁ লগতে কয় যে, এজন প্ৰশাসনিক বিষয়া হৈছে এক সমস্যা সমাধানকাৰী, যি কেৱল চাকৰিটোৰ বহুমাত্ৰিক প্ৰকৃতিৰ পৰা প্ৰাপ্ত অভিজ্ঞতাৰ দ্বাৰা পুষ্ট হৈ পৰে৷


প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত কঠোৰ পৰিশ্ৰমৰ সলনি স্মাৰ্ট কামৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৌধুৰীয়ে কয়, “তুমি কেনে প্ৰদৰ্শন কৰা সেয়া গুৰুত্বপূৰ্ণ নহয়। প্ৰতিযোগিতামূলক পৰীক্ষাত আনে কেনে প্ৰদৰ্শন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে প্ৰতিটো নম্বৰেই গুৰুত্বপূৰ্ণ।” বাছনি প্ৰক্ৰিয়াৰ ওপৰত দীঘলীয়াকৈ বক্তব্য ৰাখি চৌধুৰীয়ে লগতে কয় যে প্ৰিলিমছ (প্ৰৱেশিকা)ত অৱতীৰ্ণ হোৱাৰ সময়ত অনুমানযোগ্য আৰু অপ্ৰত্যাশিত দুয়োটা প্ৰশ্নৰ সৈতে মোকাবিলা কৰিব লাগিব।


যিকোনো প্ৰশাসনিক সেৱাৰ আকাংক্ষীৰ মূল কাম হ’ব লাগে অপ্ৰত্যাশিত প্ৰশ্নবোৰক অনুমানযোগ্য প্ৰশ্নলৈ ৰূপান্তৰ কৰা। তেওঁ পৰামৰ্শ দিয়ে যে, নিয়মীয়াকৈ শীৰ্ষ বাতৰিসমূহ অনুসৰণ কৰিব লাগে। ভাল কিন্তু নিম্নতম সংখ্যক কিতাপ পঢ়িব লাগে, মডেলৰ প্ৰশ্নকাকত অনুসৰণ কৰিব লাগে আৰু তেওঁলোকৰ অধ্যয়নৰ পৰিকল্পনা কৰিব লাগে।


কটন বিশ্ববিদ্যালয়ত আজিৰ কৰ্মশালাখন আয়োগে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অসমৰ বিভিন্ন জিলাত এপিএছচিয়ে অনুষ্ঠিত কৰা কৰ্মশালাৰ শৃংখলাৰ ভিতৰত অন্যতম। তেওঁ কয় যে, এপিএছচিয়ে অনাগত দিনত কটন বিশ্ববিদ্যালয়ত মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব দি এক বিশেষ কৰ্মশালা আয়োজন কৰিব৷


ইফালে, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই তেওঁৰ ভাষণত কয় যে, প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলে অধ্যৱসায় কৰিব লাগিব।

এটা জনপ্ৰিয় সংস্কৃত শ্লোকৰ দ্বৰা তেওঁ কয় যে, ‘আমাৰ যিকোনো জ্ঞানৰ এক-চতুৰ্থাংশ আমাৰ শিক্ষকসকলৰ পৰা আহে, আত্ম-অধ্যয়নৰ পৰা এক-চতুৰ্থাংশ,আমাৰ সামাজিক পৰিধিৰ পৰা এক-চতুৰ্থাংশ আৰু আমাৰ নিজৰ অভিজ্ঞতাৰ পৰ এক-চতুৰ্থাংশ,’ সামগ্ৰিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই কথা কয় অধ্যাপক ডেকাই।

চিবিচিৰ সঞ্চালক ড° সংগীতা বৰঠাকুৰে তেওঁৰ স্বাগতম ভাষণত শিক্ষাৰ্থীসকলক তেওঁলোকৰ চাৰিওফালৰ সমাজত আৰু তেওঁলোকৰ মাতৃভূমিত চাব বিচৰা পৰিৱৰ্তনবোৰ আনিবলৈ অসামৰিক সেৱাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। ‘তোমালোকে কেৱল ডাঙৰ সপোন দেখিব লাগিব আৰু এই সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ নিজে সংকল্প ল’ব লাগিব। তেওঁ লগতে কয় যে, সৰ্বশ্ৰেষ্ঠখিনি উলিয়াই অনাত সহায় কৰিবলৈ আমি তোমালোকৰ সৈতে চিৰদিনৰ বাবে পৰামৰ্শদাতা হিচাপে আছোঁ”। পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপক ড° ৰুমা তালুকদাৰৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোত ৪০০ ৰো অধিক শিক্ষাৰ্থী, শিক্ষক, সদস্য আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷


জানুৱাৰী ২০২২ত গঠন কৰা চিবিচিয়ে শিক্ষাৰ্থী, শিক্ষক, সদস্য আৰু কৰ্মচাৰীৰ দক্ষতা বিকাশৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছে।

আগষ্ট ২০২২ৰ পৰা বিশ্ববিদ্যালয়ত অসামৰিক সেৱা পৰীক্ষাৰ ওপৰত এক প্ৰশিক্ষণ কাৰ্যসূচীও চলি আছে। বৰ্তমান কটন বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ৮৮ জন শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰিছে। যিটো Civil Services Achievers’ Point (চিএছএপি)ৰ দ্বাৰা পাঠ্যক্ৰম মাচুল ৮০% হ্ৰাস কৰি আগবঢ়োৱা হৈছে।

Leave A Reply